Tuesday 3 September 2013

ফাইল

'এইটোত প্ৰয়োজনীয় কাগজ-পত্ৰ বোৰ ভৰাই লৈ যাবি, ল'- কলেজত হায়াৰ ছেকেণ্ডাৰী এডমিশ্বন ল'বলৈ যোৱাৰ আগদিনা দেউতাই মোৰ হাতত তুলি দিছিল ফাইলটো। মেট্ৰিকৰ মাৰ্কশ্বিট আৰু এডমিট কাৰ্ডখনৰ বাহিৰে আন দৰকাৰী নথি পত্ৰ একো নাছিল সেইদিনা। এডমিশ্বনৰ পিছত কলেজৰপৰা দিয়া টাইম-টেবুল, বিভিন্ন ছাত্ৰ সংগঠনে বৰঙণিৰ বাবদ দিয়া ৰছিদ আদিৰে ভৰি গৈছিল মোৰ ফাইলটো। তাৰ পিছত প্ৰতি বছৰে নতুন মাৰ্কশ্বিট, এডমিটে ফাইলটোত ঠাই পালে। ৰছিদ, টাইম-টেবুল আদিৰ ঠাই নোহোৱা হ'ল।প্ৰাইমেৰী আৰু মজলীয়া বৃত্তি পোৱাৰ পিছত মোৰ ফ'টো উঠা পেপাৰবোৰো মাৰ কাপোৰ থোৱা ট্ৰাংকটোৰ পৰা আহি ফাইলটোৰ ভিতৰ পালে। কেতিয়াবা উলিয়াই চাওঁ। এগাল সৰু সৰু ল'ৰা ছোৱালীৰ কৃতিত্বৰ ফ'টোৰ মাজত চকু দুটা ডাঙৰকৈ মেলি উঠা মোৰ ফ'টোখন। বাকীবোৰলৈ চাই ভাবো ইহঁত বা এতিয়া ক'ত আছে, কি কৰি আছে! সেয়াই শেষ আছিল নে পিছৰ জীৱনতো বাতৰি হৈ খবৰ কাগজৰ পৃষ্ঠাত নাম উজলোৱাৰ সুযোগ পাইছে সিহঁতে?
ফাইলটোৰ একেবাৰে তলত এতিয়াও আছে মেঘালীৰ প্ৰেমপত্ৰখন। প্ৰেমপত্ৰ? হা: হা:..নহয় নহয়, এনেয়ে ক'লো আৰু। যৌৱনৰ প্ৰাৰম্ভণিত ছোৱালীৰ প্ৰতি যিটো আকৰ্ষণ জন্মে, ঠিক তেনেকুৱা এক আকৰ্ষণে বাহ লৈছিল মোৰ মনত মেঘালীৰ প্ৰতি। হয়তো তাতকৈ অকণমান বেছি।
'মৰমৰ মিতুল দা, ভাইটিৰ হাতত তোমাৰ ইংৰাজী আৰু অসমীয়াৰ নোটচ্ খিনি দি পঠাবা..ইতি..'। এক শাৰীৰ এখনি চিঠি। মোৰ মেট্ৰিক পৰীক্ষাৰ পিছতে তাই দিছিল এইখন। আমাতকৈ এবছৰৰ সৰু। মই দিছিলোঁ নোটচ্ খিনি। বেলেগ স্কুল আছিল কাৰণে তাইৰ ৰেপিড ৰিদাৰ আছিল 'কিতাপ পঢ়াৰ আনন্দ'। আমাৰ 'মৰমৰ দেউতা'। দুনিশা টোপনি খতি কৰি 'কিতাপ পঢ়াৰ আনন্দ' পঢ়ি নোটচ্ লিখি দিয়া মনত আছে।...দুদিন আগত তাইক গাওঁৰ বজাৰত দেখিছিলোঁ। ঘৰলৈ আহিছিল চাগে। তাইৰ ল'ৰাটো দহবছৰীয়া মানেই হ'ল। তাই হয়তো ল'ৰাটোক চিনাকি কৰাই দিলেহেঁতেন, 'এয়া মিতুল মামা...'।...নাই, তাইৰ সন্তানৰ মুখত 'মামা' সম্বোধনটো চাগে মোৰ ভাল নালাগিব। সেয়ে মই দেখিও নামাতিলোঁ।
ফাইলটোৰ ৰঙ ডাঠ বেঙুনীয়া আছিল প্ৰথমতে, এতিয়া পাতল বেঙুনীয়া হৈছে। হয়তো কিছুবছৰ পিচত বগা হ'ব। চাৰিওচুকৰ অলপ-চলপ ফাটিছে। পিচফালৰ ডাঠ বকলাটোতো মাজে মাজে দুই-এটি ফুটা হৈছে। ফাইলটো মেৰিয়াই থকা ফিটাডালৰ আগৰ সেই শক্তি নাই। ফাইলটোৰ আকাৰ বাঢ়ি গৈ যোৱাৰ লগে লগে সেইডালৰ অৱস্থা জীৰ্ণ-শীৰ্ণ হৈ আহিল। এতিয়া কেইডালমান সূতাৰ সমষ্টিত পৰিণত হৈছে ফিটাডাল। ইন্টাৰভিউ দিব গ'লে আগতে ফিটাডাল সহজ পাক এটাৰে মাৰি থৈছিলোঁ, যাতে পটকৈ খুলিব পাৰি। আজিকালি দেখোঁ কোনেও এই মাৰ্কশ্বিট আদিবোৰ নাচায়েই। বুকুফালি মোৰ অৰ্হতা দেখুৱাবলৈ প্ৰতি মুৰ্হূততে সাজু হৈ থকা ফাইলটো চকীৰ ওপৰতে পৰি ৰয়। তথাপিও তাক মই সদায় লৈ যাওঁ। বিভিন্ন ইন্টাৰভিউৰ লেটাৰ, চাকৰি সংক্ৰান্তীয় বাতৰিৰ পেপাৰ কাট আদিয়ে তাৰ ওজন লাহে লাহে বঢ়াই গৈছে। চাকৰিৰ এপ'ইন্টমেন্ট লেটাৰ এখনৰ ওজন সহাৰ আশা হয়তো পূৰণ নহ'ব তাৰ। ফাইলটোক কওঁ মই, তই মোৰ শিক্ষা-জ্ঞানৰ সাক্ষীৰ বোজাবোৰ কঢ়িয়াই ফুৰিছ ইমান বছৰে, ময়ো তোক কঢ়িয়াই নিম দে; কষ্ট নহয় মোৰ।
কেইদিনমান আগতে গুৱাহাটীৰপৰা আহোতে ফাইলটো বাচতে পাহৰি আহিছিলোঁ। দুদিন বিচাৰি বিচাৰি অৱশেষত বাচৰ কাউন্টাৰতে পালোঁ ফাইলটো। 'দাদা, নাম-ফোন নং লিখি থৈ দিব হে ওপৰত...'। তেতিয়াহে দেখিলো ফাইলৰ ওপৰত লিখা মোৰ নাম-ঠিকনা কেতিয়াবাই মচ খাই গৈছে। সেইদিনা পুণৰ নতুনকৈ লিখিলোঁ সম্পূৰ্ণ ঠিকনা। প্ৰায় বিছ বছৰৰ আগৰ ফাইল। মোবাইল নং লিখিবলৈ নিৰ্দ্দিষ্টকৈ ঠাই নাই। তলতে লিখি থলোঁ। সময়মতে মোবাইলৰ বিল দিব নোৱাৰাৰ বাবে প্ৰায়ে কানেকচন কাটি দিয়ে। ফোন নংটো লিখি ভাবিলোঁ এতিয়াৰপৰা সাবধান হ'বৰ হ'ল।
মই ভাবিছো মোৰ এই ফাইলটোৰ লগত চাগে সম্পৰ্ক শেষ কৰি দিম অচিৰেই। যোৱা তিনিমাহৰপৰা মই গাৱৰে কেইটামান ল'ৰাক পঢ়াওঁ ঘৰতে। মোৰ লগৰকেইজনে 'টিউশ্যন কৰি খুব কমাইছ ন?' বুলি হাঁহে। ময়ো হাঁহো। মাহ শেষ হ'লে সিহঁতৰ মাক-দেউতাকে কেতিয়াবা পাৰ এযোৰ বা অলপ জহা চাউল অথবা কোনোবাই দহটা নাৰিকল লৈ আহে। পইচা দিবলৈ অসমৰ্থ বাবে দুখ কৰে। মোৰ ল'বলৈ বেয়া লাগে। তেওঁলোকে নামানে। ময়ো ল'বলৈ বাধ্য হওঁ। মই পঢ়াই থাকিলে দেউতাই বাহিৰৰ চকী এখনত বহী শুনি থাকে। 'মাতটো অলপ ডাঙৰ কৰিবি..' দেউতাই কয় দিয়ে কেতিয়াবা। দেউতাৰ চকু দুটা উজ্জ্বল দেখিছো আজি কিছুদিনৰ পৰা, বোধহয় সুখী তেওঁ। কিবা এটাতো কৰি আছো!
যোৱামাহৰ পৰা মই আন এটি ফাইলৰ পিছত ঘূৰা আৰম্ভ কৰিছোঁ। দেউতাৰ পেঞ্চনৰ ফাইলটো। এবছৰ হ'ল দেউতাই অৱসৰ পোৱা। পেঞ্চনটো হোৱা নাই। অ'ফিচত খবৰ কৰিলে কয় ফাইলটো বৰ'বাবুৰ টেবুলতে আছে, 'চাৰ'ৰ টেবুল পাবলৈ সময় লাগিব। বৰ অকঁৰা চাগে সেই ফাইলটো। কোনেও তাক ডাঙি উঠাই নিব নোৱাৰে? নিজে নিজেই ঠেঁহ পাতি এখন টেবুলতে বহি ৰ'ব পাৰে দিনৰ পিছত দিন, মাহৰ পিছত মাহ..?! খুউব মন যায় সেই ফাইলটোক চাবলৈ। তথাপিও সেই ফাইলটোও আদৰৰ মোৰ। দেউতাৰ বহুটো আধৰুৱা সপোন জড়িত হৈ আছে ফাইলটোৰ লগত। দেউতাক সেই সপোনবোৰৰ পিছে পিছে দৌৰিবলৈ সুবিধা কৰি দিবৰ বাবেই মই এতিয়া ফাইলটোৰ পিছে পিছে দৌৰি ফুৰিছোঁ!! 
©দিগন্ত কুমাৰ ভট্টাচাৰ্য 

2 comments:

  1. এৰাঃ.... ফাইলততো বহুত কিবা-কিবিয়েই আবদ্ধ হৈ থাকে... কাৰোবাৰ সপোন, কাৰোবাৰ স্মৃতি, কাৰোবাৰ জী‌ৱন, কাৰোবাৰ যৌ‌ৱন... আৰু আন কাৰোবাৰ কফিনৰ গজাল! ভাল লাগিল ফাইলক লৈ আপোনাৰ লেখাটো..., লগতে ব্লগটোও।

    ReplyDelete
    Replies
    1. ধন্যবাদ অচিন্ত বৰঠাকুৰ!

      Delete