Friday 23 August 2013

স্বাধীনতা দিৱস

শিক্ষকে স্বাধীনতা দিৱসৰ ওপৰত ৫০টা শব্দৰ ভিতৰত ৰচনা এখন লিখিবলৈ দিলে। এজন ছাত্ৰই লিখিলে এনেকৈ:

"স্বাধীনতা দিৱস বছৰি এবাৰকৈ আহে। এই দিৱসৰ দুদিনমান আগৰে পৰা ৰাষ্টাই-ঘাটে পুলিচৰ ভিৰ দেখা যায় আৰু সকলোৰে ওপৰত তালাচী চলায়। এই দিৱস এনে এটা দিন, যিদিনা টিভিৰ চেনেলসমূহত 'ব'ৰ্ডাৰ', 'স্বদেশ', 'গাডাৰ' আদি চিনেমা ইখনৰ পিছত সিখন চলিয়েই থাকে। এই দিৱসৰ কথা কেতিয়াবা পাহৰি গ'লেও ৰাতিপুৱাৰ লগে লগে টিভি, ৰেডিঅ' বা চাৰিআলিৰ চ'কৰ দোকানত ডাঙৰ ডাঙৰকৈ বাজিবলৈ ধৰা 'কৰ্মা'ৰ 'হৰ কৰম অপনা কৰেংগে য়ে ৱতন তেৰে লিয়ে..' গানটোৱে মনত পেলাই দিয়ে স্বাধীনতা দিৱসৰ কথা।

এই দিনটোত 'জন গন মন...' গানটো আমি সকলোৱে মনত পেলাও। আজিকালি মাল্টিপ্লেক্সত চিনেমা আৰম্ভ হোৱাৰ আগে আগে ঠিয় হৈ এই গানটো শুনিব লাগে বাবে বহুতৰে গানটো মনত ৰাখিবলৈ সহজ হৈছে। এই দিৱস বন্ধৰ দিন বাবে আমি সকলোৱে শুই-বহি, টিভিত চিনেমা চায়েই কটাও। এনেকুৱা এটা দিৱস জানুৱাৰী মাহতো আহে কিন্তু সেইটোৰ নামটো অলপ বেলেগ।"
©দিগন্ত কুমাৰ ভট্টাচাৰ্য

No comments:

Post a Comment