Sunday 22 September 2013

"দ্য লান্স বক্স: নিসংগতাৰ এক মনোমোহা পোট্ৰেইট"

মুম্বাইৰ বিখ্যাত 'ডাব্বা চাৰ্ভিচ'ৰ বিষয়ে আমি সকলোৱে চাগে কম-বেছি পৰিমাণে জ্ঞাত। মুম্বাইৰ ডাব্বাৱালাসকলে তেওঁলোকৰ নিজৰ ঘৰৰপৰা, হোটেলৰপৰা অথবা চাকৰিয়ালসকলৰ নিজ ঘৰৰপৰা দুপৰীয়াৰ টিফিন বক্স বা ডাব্বা সংগ্ৰহ কৰি সুকলমে যথা সময়ত দৈনিক লাখ-লাখ চাকৰিয়ালৰ হাতত পৰাত সহায় কৰে। আনকি বিদেশৰ বহু বৃহৎ অনুস্থান-প্ৰতিষ্ঠানেও এই 'ডাব্বা চাৰ্ভিচ'ৰ ত্ৰুটিহীন পৰিচালনা দেখি তবধ মানিছে।

মুম্বাইৰ মালাড অঞ্চলৰ বাসিন্দা 'ইলা'ৰ স্বামী আৰু কণমানি কন্যা সন্তানেৰে সৈতে এক সৰু মধ্যবিত্ত পৰিয়াল। ইলাই প্ৰতি দুপৰীয়া এজন ডাব্বাৱালাৰ জড়িয়তে স্বামীলৈ টিফিন পঠিয়ায়। এক অসুখী বৈবাহিক জীৱন যাপন কৰা ইলাক প্ৰতি মূহুৰ্ততে আৱৰি ৰাখে এক ছায়াই..নিসংগতাৰ ছাঁ। এখন্তেক উমাল সান্নিধ্যৰ বাবে আকুলতাৰে অপেক্ষা কৰা ইলাক যান্ত্ৰিক জীৱনত অভ্যস্ত স্বামীয়ে প্ৰতি সন্ধিয়া কৰা উপেক্ষাই ইলাৰ জীৱনত ক্ৰমান্বয়ে নমাই আনিছে নিৰাশাৰ ডাঁৱৰ। এদিন ইলাই স্বামীলৈ পঠিওৱা ডাব্বাটো ডাব্বাৱালাৰ ভুলৰ বাবে চাজন(সাজন) ফাৰ্ণাণ্ডেজ নামৰ ব্যক্তিজনৰ হাতত পৰে। প্ৰায় পয়ত্ৰিশ বছৰৰ কৰ্মজীৱন অতিক্ৰম কৰা ফাৰ্ণাণ্ডেজৰ চাকৰিৰপৰা অৱসৰ লোৱাৰ সময় সমাগত। অকলশৰীয়া ফাৰ্ণাণ্ডেজৰ বহু বছৰ আগতেই পত্নী বিয়োগ ঘটিছে। ওপৰমহলাত থকা 'আন্টি'গৰাকীৰ উপদেশমতে পিছদিনা ইলাই ৰুটিৰ মাজত এখনি চুটি চিঠি লিখিলে। ফাৰ্ণাণ্ডেজেও চিঠিখনিৰ উত্তৰ দিলে। তাৰ পিছত প্ৰতি দিনেই 'লান্স বক্স'টোৰ মাধ্যমেৰে দুয়োজনৰ মাজত চিঠিৰ আদান-প্ৰদান চলিবলৈ ধৰিলে। কেতিয়াও লগ নোহোৱাকৈয়ে দুয়োৰে মাজত বন্ধুত্ব হ'ল। প্ৰতিদিনে দুয়োজনে 'লান্স বক্স'টোৰ অপেক্ষাত ৰৈ থকা হ'ল। এয়া জানো প্ৰেম? নে সোঁ-শৰীৰে নেদেখাস্বত্বেও গঢ় লৈ উঠা এক অনামী আকৰ্ষণ? নে এয়া নিজৰ ৰিক্ত জীৱন, আশা-সপোন, স্মৃতি -সকলোবোৰ ব্যক্ত কৰিবলৈ একোজনকৈ প্ৰকৃত সংগী বিচাৰি পোৱাৰ আনন্দ? এয়াও সত্য চাগে যে -"Sometimes even the wrong train can take you to the right destination."
মুখামুখিকৈ কথা পতাৰ হেঁপাহত এদিন ইলাই ফাৰ্ণাণ্ডেজক এখন সৰু হোটেললৈ দুপৰীয়া আমন্ত্ৰণ জনালে। ধুনীয়াকৈ সাজি-কাঁচি আহিছে ফাৰ্ণাণ্ডেজ সেইদিনা। থুতৰিৰ ডাড়িখিনি দুবাৰকৈ খুৰাইছে। অপেক্ষা কৰিছে একবজালৈ..ইলাই তেওঁক একবজাতেই মাতিছে...! তাৰপিছত? ফাৰ্ণাণ্ডেজে ইলাক লগ কৰিলে নে? ইলা আৰু ফাৰ্ণাণ্ডেজৰ মাজত গঢ় লৈ উঠা 'প্ৰেম'ৰ সম্পৰ্কটিৰ পৰিণতি কি হ'? এইসকলোবোৰ ৰাইজে 'দ্য লান্স বক্স' নামৰ ছবিখন উপভোগ কৰিলে নিজেই বুজি পাব।
 
পৰিচালক ৰিতেশ বাট্ৰাৰ এইখন প্ৰথম ছবি। তেওঁ ছবিখনিৰ কাহিনীও লিখিছে। মূল দুটি চৰিত্ৰ - ফাৰ্ণাণ্ডেজ আৰু ইলা'ৰ ভূমিকা লৈছে ইৰফান খান আৰু নিম্ৰাট কৌৰে। দুয়োজনৰে অভিনয় অতুলনীয়। ইৰফানৰ খানৰ সংলাপ কম যদিও সকলোৱে জানে ইৰফান খানৰ চকু কিয় দেহৰ সঞ্চালনেও কৈ যাব পাৰে বহু কথা, কৰিব পাৰে অভিনয়! 'আছলাম শ্বেইখ'ৰ ভূমিকাত বৰ্তমান বলিউডৰ আন এজন শক্তিশালী চৰিত্ৰাভিনেতা নৱাজউদ্দিন ছিডিক্কীৰ অভিনয় অপূৰ্ব। এবাৰো স্ক্ৰীণত নহাকৈ কেৱল সংলাপেৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা "ওপৰ মহলাৰ আন্টি" ভাৰতী আচৰেকাৰক পাহৰিব নোৱাৰি। এইখন সম্পূৰ্ণ পৰিচালকৰ ছবি। কোনো এটি শ্বটেই অদৰকাৰী নাছিল। বহুকেইটা মন চুই যোৱা দৃশ্য আৰু সংলাপ সমৃদ্ধ 'দ্য লান্স বক্স'ক চিনেমাপ্ৰেমী ৰাইজে যে বহুদিনলৈ মনত ৰাখিব সেয়া নিশ্চিত। আমি এয়াও নিশ্চিত যে যিসকলে এতিয়াও ডাব্বাৰ সোৱাদ লৈ পোৱা নাই, এই ছবিখন চোৱাৰ পিছত জীৱনত এবাৰ হ'লেও ডাব্বাৱালাই লৈ অহা 'ডাব্বা' অৰ্থাৎ 'লান্স বক্স'টোলৈ অপেক্ষা কৰিবলৈ মন যাব। আৰু মন যাব 'সাজন'(চাজন) ছবিৰ ছুপাৰহিট 'মেৰা দিল ভি কিতনা পাগল হ্যে য়ে, প্যাৰ তো তুমচে কৰতা হ্যে' গানটো আকৌ এবাৰ শুনিবলৈ ছবিখন চোৱাৰ ঠিক পিছতে!!

No comments:

Post a Comment