আখলত এখন্তেক

"কলপাতেৰে ভাপত দিয়া মুৰ্গীৰ মাংস"

উপকৰণঃ 
মুৰ্গীৰ মাংসঃ ৫০০ গ্ৰাম (ব্ৰইলাৰ) হাড় নথকা (বোনলেছ)
পিয়াজঃ ১টা ডাঙৰ৷
আদা: সতেজ ৰূপত খুন্দি লোৱা দুইচামুচ।
নহৰু: খুন্দি লোৱা এচামুচ
জিৰা গুড়ি, ধনীয়া গুড়ি, জলকীয়া গুড়ি, জালুকৰ গুড়ি।
কেঁচা জলকীয়া দুটা।
মুঠ সময়: দুই ঘন্টা বিছ মিনিট (আনুমানিক)
ৰন্ধন প্ৰণালীঃ
প্ৰথমতে মাংসখনি সৰু সৰুকৈ কাটি ধুই শুকাই লওঁক। এতিয়া এটি বাচনত মাংসখিনি লৈ নিমখ, এচামুচকৈ (বা আণ্ডাজমতে) জিৰা গুড়ি, ধনীয়া গুড়ি, হালধি (একেবাৰে অলপ), জলপাই (অ'লিভ) তেল এচামুচ দি ভালদৰে সানি থওঁক। অ'লিভ তেল নাথাকিলে মিঠাতেল দিব পাৰে। থাকিলে ভিনেগাৰ আৰু দুচামুচ নেমুৰ ৰস দিব, সোনকালে সিজাত সহায় হ'ব।
এঘন্টা হোৱাৰ পিছত খুন্দি ৰখা আদা আৰু নহৰুখিনি দি ভালদৰে সানি ল'ব। প্ৰায় ত্ৰিশ-চল্লিশ মিনিট পুনৰ ৰখাৰ পিছত এতিয়া মাংসখিনি ডাঙৰ কলপাত এখনত ঢালি ল'ব। এতিয়া তাত একেবাৰে মিহিকৈ কাটি লোৱা পিয়াঁজ আৰু লগতে অলপ জলকীয়া আৰু জালুকৰ গুড়ি দি লওঁক। ওপৰত মিঠাতেল অলপ চটিয়াই দিব।

এটা কথা, কলপাতখন ধুই লৈ এবাৰ জুইত ওপৰে ওপৰে সেকি ল'ব প্ৰথমতে যাতে পিছত সহজতে ফালি(ফাটি) নাযায়। এতিয়া মাংসখিনি কলপাতখনেৰে ভালদৰে বান্ধি লৈ 'ৰাইচ কুকাৰ'ৰ ওপৰত প্ৰায় আধাঘন্টা মান ৰাখিব। যদি 'ৰাইচ কুকাৰ' নাথাকে, কলপাতৰ টোপোলাটো 'তাৱা'ত ৰাখিবও পাৰে। মাজে মাজে মাত্ৰ দুই-এবাৰ ওলোটাই দিব।
সকলো হৈ যোৱাৰ পিছত এবাৰ কলপাতখন অলপ আঁতৰাই ধনিয়াৰ পাত কেইটামান দি আকৌ বান্ধি থ'ব, গোন্ধটি ভাল হয়। এতিয়া গৰমে গৰমে পৰিবেশন কৰক (কলপাতখন নাখাব মাত্ৰ!)!
ooo


   "নৰসিংহৰে মুৰ্গীৰ মাংস"

উপকৰণঃ

মুৰ্গীৰ মাং
সঃ ৫০০ গ্ৰাম (ব্ৰইলাৰ)
পিয়াজঃ ২টা ডাঙৰ৷
আদা: সতেজ ৰূপত খুন্দি লোৱা তিনিচামুচ।
জিৰা গুড়ি।
কেঁচা জলকীয়া দুটা।
নৰসিংহৰ পানী প্ৰায় দুকাপ। (পতা বা মিক্সিত অলপ পানীৰে ভালকৈ পিহি লোৱা নৰসিংহৰ অকল পানীখিনিহে চেকনিৰে চেকি ল'ব)

ৰন্ধন প্ৰণালীঃ

প্ৰথমতে মাংসখিনি ধুই পানী যোৱাকে শুকাই লওঁক। পিয়াজ দুটা অতি মিহি/সৰুকৈ কাটি ল'ব যাতে ভাজোতে গলি যায় সহজতে।
মাংসখিনিত অলপ নিমখ আৰু সামান্য তেল সানি লওঁক। হালধি বা আন একো মছলা নিদিব।
কেৰাহীত মাংসৰ অনুপাতে তেল দি গৰম কৰক (তেল কম হ'লে ভাল)। এতিয়া গৰম তেলত মাংসখিনি দি প্ৰায় দহমিনিট ভাজক।
এতিয়া মিহিকৈ কুটি লোৱা পিয়াজখিনি দি প্ৰায় দহমিনিট ভাজি ল'ব পিয়াজখিনি গলি যোৱাকে। কেঁচা জলকীয়া দুটা আৰু অলপ জিৰাৰ গুড়ি দি ল'ব। খুন্দি লোৱা আদা খিনি দি পুনৰ পাঁচমিনিট মান ভাজিব।
তাৰ পিছত গৰম পানী ডেৰকাপ দি ঢাকি থওঁক। দহমিনিট অলপ কম জুইত উতলিব দিব যাতে মাংসখিনি সিজে ভালকৈ আৰু পানীখিনি আধাতকৈ বেছি শুকাই যায়।
এতিয়া নৰসিংহৰ পানী দি পুনৰ দুই-তিনিমিনিট ঢাকি ৰাখক। তাৰ পিছত দুইমিনিট ঢাকনি গুচাই উতলিব দিয়ক। (এটা কথা মনত ৰাখিব নৰসিংহৰ পানী দিয়াৰ পিছত পাঁচমিনিটতকৈ বেছি সময় উতলিব নিদিব।) তাৰ পাছত অলপ চামুচত লৈ নিমখৰ জুতি পৰীক্ষা কৰি নমাই থওঁক। আপোনাৰ 'নৰসিংহৰে মছলাবিহীন মুৰ্গীৰ মাংস' ৰে'ডী!

No comments:

Post a Comment