Wednesday 4 September 2013

"গুৰু দক্ষিণা"

জাৰকুছি গাঁও টাউনৰ পৰা তিনি কিল'মিটাৰৰ আঁতৰত। যোৱাবছৰ কিবা এটা কামত সেইফালে যাব লগা হৈছিল। টাউনৰপৰা তিনি কিল'মিটাৰৰ দূৰত হ'লেও ৰাষ্টা-ঘাটৰ অৱস্থা তথৈবচ। সৰু তিনিআলি এটাত ৰৈ মানুহ এগৰাকীৰ ঘৰ বিচাৰোতে দেখিলোঁ কাষতে সেয়া কলিতা ছাৰ। প্ৰায় ওঠৰ বছৰ পিছত ছাৰৰ লগত মুখামুখি। ছাৰৰ বিদায় মিটিঙতে শেষ দেখা। ওচৰলৈ আগবাঢ়ি গৈ মাতোতে ছাৰে লগে লগে চিনি পালে। বয়স হৈছে, দেখিলে গম পায়।

ছাৰৰ ঘৰো তিনিআলিটোৰ পৰা অলপ দূৰত। তেখেতে ঘৰলৈ যাবলৈ লগ ধৰিলে। সিদিনা সেই সময়ত কিবা এটা কামত বহুত ব্যস্ত আছিলোঁ যদিও ছাৰক 'না' বুলি ক'বলৈ মন নগ'ল।
"ছাৰ, মোৰ বাইক..."
"হে: হে:..তুমি আগবাঢ়া, মই গৈ আছো লাহে লাহে...."
ছাৰৰ আগে আগে বাইকেৰে গাঁওৰ পথৰ ধূলি উৰুৱাই যাবলৈ বেয়া লাগিল। ছাৰ কিছু দূৰ পোৱালৈ ৰ'লোঁ তাতে। ছাৰ অকলশৰীয়া মানুহ। আমি স্কুলত থাকোতেই ছাৰৰ পত্নীবিয়োগ হৈছিল। ছোৱালী তিনিজনীৰো হেনো দূৰত বিয়া দিছে। ছাৰে বহু কথাই সুধিলে-ক'লে।
"তুমি বাহিৰতে থকা। তোমালোকৰ লগৰ অঞ্জন, ৰাতুল, অৰিন্দমহঁতৰ খবৰ?"
ছাৰে আমাক সদায় 'তই' বুলিয়ে মাতিছিল। তেখেতৰ মুখত 'তুমি'তো কিবা এটা আচহুৱা যেন লাগিল।
"ছাৰ, মোক 'তই' বুলিয়ে মাতিবচোন"
"হে: হে: এতিয়া ভাল নালাগে নহয়, বহুত ডাঙৰ হ'লা। আমাৰেই লাজ লাগে তেনেকৈ মাতিব!...আৰু বাকীকেইজনৰ খবৰ?"
'অঞ্জন আমেৰিকাত থাকে। ৰাতুল ডাক্তৰ হ'ল..দিল্লীত থাকে এতিয়া...।"
এক গভীৰ প্ৰশান্তিত ছাৰৰ মুখখন উজ্বল হৈ উঠিল।
"সেই অঞ্জনক বৰ গালি দিছিলোঁ সি ক্লাছ ফাইভত থাকোতে। সৰু হাতৰ ডব্লিউৰ পাকটো ভালকৈ আনিব নোৱাৰে হে নোৱাৰে! ভাল ছাত্ৰবোৰৰ ভাল হোৱা শুনিলে বৰ আনন্দ লাগে, বুজিছা" - ছাৰৰ চকুদুটা চলচলীয়া হ'ল।
এনেতে তিৰোতা এগৰাকী আহি ঘৰৰ ভিতৰলৈ সোমাই গ'ল।
"এইগৰাকী তোমালোকৰ লগৰ উত্তমৰ পৰিবাৰ। সিহঁতৰ ঘৰ আমাৰপৰা দুঘৰ এৰি। অকলে থাকোঁ বাবে পুৱা-গধুলি আহি তেওঁ ভাতকেইটা ৰান্ধি দিয়েহি। ঘৰৰ ইটো-সিটো কামো উত্তমহঁতেই কৰে।'
বহু চেষ্টা কৰিও মই উত্তমৰ কথা মনত পেলাব নোৱাৰিলোঁ। ছাৰেই ক'লে ক্লাছ নাইনৰ পিছত আমাৰ স্কুল এৰি দেউতাকৰ লগত পাণ দোকানত বহিছিল। এতিয়া ওচৰৰে তিনিআলিটোত পাণদোকানখনৰ লগতে সন্ধিয়া তৰকাৰীৰ বেপাৰো কৰে। অলপ পিছত উত্তম আহিল। বহু কথা মনত পৰিল। উৎপতীয়া আছিল সি। আমি দেখিব নোৱাৰিছিলোঁ।

"নাইনৰ পিছত ছাৰহঁতৰ গালি-বেটৰ কোবৰ ভয়ত নগ'লোৱেই আৰু স্কুল। এতিয়া ভাবো আমি পঢ়া বাদ দি ডাঙৰ ভুল কৰিছিলোঁ হে। এই ছাৰক সৰুতে কিমান যে অভিশাপ দিছিলোঁ...হা: হা:। কিন্তু আজি টকা-পইচাৰ হিচাপ, অলপ লেখা-পঢ়া- এই ছাৰৰ পৰাইতো শিকিলোঁ। স্কুলততো আমি বেয়া ছাত্ৰই হৈ থাকিলোঁ।"
মই তাৰ হাত দুখনত ধৰি ক'লো - "উত্তম, তোমালোক 'বেয়া' ছাত্ৰকেইজনেইতো এতিয়া ছাৰক প্ৰকৃত গুৰুদক্ষিণা দি আছা। আমি ভাল ছাত্ৰ কেইজনে কেৱল মাজে মাজে শ্ৰদ্ধা আৰু সন্মানেৰে মনত পেলাওঁ বা আনৰ আগত কওঁ- 'আমাৰ এজন শিক্ষক আছিল যিয়ে আমাক এ,বি, চি, ডি প্ৰথম শিকাইছিল স্কুলত...যাৰ নাম নৰহৰি কলিতা ছাৰ...কিন্তু নাজানো, ছাৰ এতিয়া কেনে আৰু ক'ত আছে!...."

No comments:

Post a Comment