অথ: বিকি সংবাদ

"এদিন বিমানত বিকি..."

এদিন বিকি গুৱাহাটীৰপৰা দিল্লীলৈ যাবলৈ ফ্লাইটত উঠিল। খিড়িকীৰ কাষৰ ছীট এটি বিচাৰিলে, কিন্তু নাপালে। বিকিয়ে নিজৰ ছীটত বহিলগৈ। খিড়িকীৰ কাষত এজন মধ্য বয়সীয়া ব্যক্তি। গুটখা চোবাই আছে। মাজে মাজে সন্মুখৰ ছীটৰ পিছফালে থকা সৰু পলিথিন বেগটোত পিক পেলাইছে।
'আকাশীযানেৰে ক'লৈ গমন কৰিব ওলালাহে ডেকাল'ৰা?' -সুধিলে মানুহজনে।
'এইখন যিহেতু ডাইৰেক্ট দিল্লীলৈ যাব, তালৈকে যাম আৰু। মাজ ৰাস্তাত 'ঐ ৰখা, নমা আছে' বুলি ক'লেও নৰখিব নহয়'।
'হয়, হয়।'
'আপুনি বেয়া নাপালে এইটো ছীটলৈ আহিব নেকি? মোৰ আকৌ খিড়িকীৰ কাষৰ ছীটটো বৰ প্ৰিয়'
'হে: হে:...নীলা আকাশৰ মেঘৰ আঁৰে আঁৰে তলৰ সেউজীয়া ধৰাখনিৰ সৌন্দৰ্য উপভোগ কৰাৰ সুযোগটো মই এৰি দিব নোৱাৰিম দেই, দু:খিত'।
এনেতে এয়াৰ-হোষ্টেজ এজনী আহি মানুহজনলৈ চাই ক'লে - 'ছাৰ, ছীট বেল্ট প্লিজ!'
তেওঁ মুখ মেলি চাই ৰ'ল। এইবাৰ এয়াৰ-হোষ্টেজজনীয়ে নিজেই আগুৱাই তেওঁৰ বেল্টডাল লগাই দিলে।
'আপোনাৰ আজিয়েই প্ৰথম নেকি ফ্লাইটত?'
'না: না: মই অহা-যোৱা আকাশীযানেৰেই কৰোঁ..সেই মেনকাহেন সুন্দৰীৰ সুগন্ধি অলপ শ্বাসত লৈ নিজকে পৱিত্ৰ কৰোঁ বুলিয়েই সুযোগটো ল'লোঁ।'
'আপুনি ফে'চবুকত গল্প-কবিতা লিখা মানুহ নেকি হে? ইমান কঠিন শব্দ কৈ মূখখনক কষ্ট দিছে যে'।
মানুহজনে হাঁহিলে। এনেতে এয়াৰহোষ্টেজ কেইজনীয়ে নিৰ্দেশ অনুসৰি যাত্ৰীৰ সুৰক্ষা প্ৰণালীৰ বিষয়ে বুজাইছে- 'টু ড'ৰচ দিচ ছাইড...'
'হেৰা কি থকা বুলি কৈছে হে আগে-পিছে?'
'ইংৰাজীতে কৈ আছে, বুজা নাই আপুনি?'
'হেৰা, মই ইংৰাজীতে পঢ়া-শুনা কৰা, বুজোঁ কিন্তু কাণেৰে অলপ কমকৈ শুনোঁ
'মানে এই ফ্লাইটখনৰ আজি কিবা বিজুতি হ'ব পাৰে। তেতিয়া মানুহবোৰক দৌৰা-দৌৰিকৈ আগৰ আৰু পিছৰ দুৱাৰ দুখনৰ ওচৰলৈ গৈ, তাৰ পৰা জাঁপ মাৰিবলৈ কৈছে তললৈ।'
'কি কোৱা হে? হে প্ৰভূ..পিছে বিজুতি কিয় হ'ব আকৌ??'
'গম নাপাওঁ, ক'ব ৰ'ব সিহঁতে পিছত'

অলপ পিছত কেপ্টেইনজনে গহীন-গম্ভীৰ মাতেৰে যাত্ৰীসকলক উদ্দেশ্যি আৰম্ভ কৰিলে-'ৱেলকম টু স্পাইচ-জেট..আই এম কেপ্টেইন....'
'কি কৈছে নো মাইকত?'
'সেয়া কেপ্টেইন মানে ফ্লাইটখনৰ ড্ৰাইভাৰ। তেওঁ বোলে নতুন। লাৰ্নাৰ লাইচেন্স পাইছে দুদিনমান আগত। আজি প্ৰথম চলাব ফ্লাইট। কিবা ভুল-ক্ৰুটী হ'লে অহা জনমত ক্ষমা কৰি দিবলৈ কৈছে। মানে ধৰক, কিবা ভুল হৈছে বুলি আমি গম পোৱাৰ আগতেই সিপুৰী পামতো, সেয়ে কৈছে তেনেকৈ।'
'হেৰা ফাল্টু কথা নক'বাহে..আজি প্ৰথম চলাব? প্ৰভূ-কৃষ্ণ.! সঁচা কথা কও, আজি ময়ো প্ৰথমবাৰ উঠিছোঁ '
'হাৰে জন্মতে ফ্লাইট চলোৱা শিকি আহিব নেকি বাৰু? এদিনতো প্ৰথম চলাবই লাগিব।..সেইকাৰণে অলপ আগতে বিজুতিৰ কথা কৈছিল যেন পাওঁ।'

এইবাৰ মানুহজনে আগৰ আৰু পিছৰ দুৱাৰ দুখন চালে। কিবা ভাবি বিকিক ক'লে লাহেকৈ-'হৌৰা, মোক ছাইডৰ ছীটটোতে বহিবলৈ দিয়া। তাৰ পৰা দৌৰ মাৰিবলৈ সহজ হ'ব।'
'কিয়? ধৰাৰ সেউজীয়া সৌন্দৰ্য..?'
'গুলী মাৰা হে ধৰাৰ সৌন্দৰ্য...আহা, তুমি এইটোতে বহা।'
বিকিয়ে খিড়ীকিৰ কাষৰ ছীটটোত বহিল। মানুহজনৰ কঁপালত বিন্দু বিন্দু ঘাম। বিমানখনে আকাশত উৰা মাৰিলে। ছীট বেল্ট খুলাৰ সংকেত জিলিকি উঠিল। এয়াৰ হোষ্টেজ এজনীয়ে ঘোষণা কৰিলে, 'ডিয়েৰ পেছেঞ্জাৰছ..দি ছীট বেল্ট চাইন হেজ বিন চুইটছ্ অফ। নাউ ইউ কেন...'
'হেৰা ভাইটি, কি নো কৈছে বাৰু?মই মানে অলপ ইংৰাজীত দুৰ্বল' -মানুহজনৰ চকুৱে-মুখে ফুটি উঠিছে অজান শংকা।
'এতিয়া মানে ছীট বেল্ট খুলি সাজু হ'বলৈ কৈছে...।'
'ভালকৈ কোৱা হে...'
'যিকোনো মূহুৰ্তত ফ্লাইটখন নদী বা সাগৰত পৰাৰ সম্ভাৱনা আছে। যিসকলে সাঁতুৰিব জানে...আচ্ছা আপুনি সাঁতুৰিব পাৰে?'
'না: না: নাজানোঁ'
'অ'কে....কৈছে যিসকলে সাঁতুৰিব জানে, তেওঁলোকে 'লাইফ জেকেট'লৈ জাঁপ মাৰিব। আৰু যিসকলে সাঁতুৰিব নাজানে সেইসকলে যেন পিছৰফালে যায়...'
'আৰু কি কৰিবলৈ কৈছে সাঁতুৰিব নজনাসকলক?'
'নজনাসকলে নিজে একো কৰিব নালাগে। যি কৰিব লগা থাকে, নদী বা সাগৰৰ ঢৌৱেই কৰিব। ..কৈছে যাত্ৰাৰ বাবে 'স্পাইচ জেট' বাচি লোৱাৰ বাবে তেখেতসকললৈ অশেষ ধন্যবাদ। কৃতজ্ঞতাৰ চিন স্বৰূপে ফ্লাইটৰ সমূহ কৰ্মচাৰীবৃন্দই তেখেতসকলৰ আত্মাৰ সদগতিৰ বাবে পিছদিনা এক মিনিট সময় মৌনতা অৱলম্বন কৰিব।'
মানুহজনে লৰালৰিকৈ পিছফালে যাবলৈ সাজু হ'ল। বিকিয়ে চকুদুটা মুদি শুবলৈ চেষ্টা কৰিলে আৰামত!


"ক'মোড খুড়া"

বিকিয়ে হায়াৰ ছেকেণ্ডাৰী দিয়াৰ পিছৰ কথা। ১৯৯৫চন মানৰ ঘটনা। নতুনকৈ সি চিগাৰেট খাবলৈ শিকিছিল তেতিয়া। মাজে মাজে দেউতাকৰ পকেটত থকা পেকেটটোৰ পৰা এডাল-দুডাল মনে মনে নি বাৰীৰ পিছফালে আপোনমনে হুপে। কিন্তু দেউতাকে পিছলৈ চিগাৰেট হিচাপ কৰি থোৱা যেন অনুভৱ হোৱাত সি দুনাই ৰিস্ক ল'বলৈ নিবিচাৰিলে। ইফালে সৰু চহৰখনত পাণদোকানলৈ গৈ চিগাৰেট কিনাটোও মস্কিল, কোনোবা নহয় কোনোবা চিনাকী মানুহ থাকেই।
শেষত সি উপাই এটা বিচাৰি পালে। দেউতাকে ঘৰৰপৰা চাৰি কিল'মিটাৰ নিলগৰ সৰু বেংক এটাত চাকৰি কৰে। সদায় ৰাতিপুৱা স্কুটাৰখন লৈ যায়। বিকিয়ে পৰীক্ষাৰ পিছতে ক'ম্পিউটাৰ ক'ৰ্চ এটাত নাম লগাইছে।
'দেউতা, মোৰ ক্লাছ আৰু তোমাৰ অ'ফিচৰ সময় একে কৰি লৈছো। একেলগে স্কুটাৰত যাব পাৰিম। তুমি মোক ইনষ্টিটিউটত নমাই থৈ যাবা।..স্কুটাৰ কিন্তু মই চলাম'।
বিকিয়ে স্কুটাৰ ষ্টাৰ্ট দিয়ে। দেউতাকে চিগাৰেট এটা জ্বলাই পিছত বহে। ইনষ্টিটিউটলৈ দুই কিল'মিটাৰ পথ দুই মিনিটতে পায় বিকিয়ে। দেউতাক নামে- 'হেহ..বতাহৰ দৰে চলাৱ দেখোন তই'। অনিচ্ছাস্বত্বেও দেউতাকে মাত্ৰ বিছ শতাংশমানহে খোৱা চিগাৰেটটো দলিয়াই স্কুটাৰখন চলাই লাহে লাহে আগ বাঢ়ে। বিকিয়ে মূহূৰ্ততে দেউতাকে পেলাই দিয়া চিগাৰেটটো বুটলি ইনষ্টিটিউটৰ পিছফালে গৈ মহাসুখে হুপিবলৈ লয়। এনেকৈ কিছুদিন চলিল। এদিন এনেদৰে চিগাৰেট হুপি থাকোতে হঠাত বিকিৰ সন্মুখত মাকৰ আবিৰ্ভাৱ হ'ল। কাষত কুমুদ খুড়া। ইনষ্টিটিউটৰ কাষতে কুমুদ খুড়াৰ গেলামালৰ দোকান আছে। মাকক দেখি মুখলৈ নিয়া চিগাৰেটৰ ধোৱা কাণ আৰু চকুৰেও ওলাল।
'মই কোৱা নাছিলো নে বৌ, ই সদায় ইয়াতে চিগাৰেট খায়'- কুমুদ খুড়াৰ মুখত হাঁহি। মাকে কাণত ধৰি ভালকৈ দুচৰ লগালে তাক। সেইসময়তে সিহঁতক চাই হাঁহি হাঁহি পাৰ হৈ গ'ল গাৰ্লছ স্কুলত পঢ়া দশম মানৰ 'দশমী'। বিকিৰ যেন সকলো 'ইজ্জত' মাটিত মিহলি হৈ গ'ল নিমিষতে। সেইদিনাৰ পৰা সি কুমুদ খুড়াক ভাল এশিকনি এটা দিয়াৰ সুযোগৰ সন্ধানত থাকিল।

এবাৰ কিবা কাম এটাত কুমুদ খুড়াই বিকিক লৈ গুৱাহাটীলৈ গ'ল। তেওঁ গুৱাহাটীৰ আও-ভাও ধৰিব নোৱাৰে। বিকি আকৌ এইবোৰত ভাল। কাম শেষ কৰি দুয়োজন তেওঁলোকৰ গাঁৱৰ ৰত্নে ঠিকাদাৰৰ ঘৰলৈ গ'ল। ৰত্নে ঠিকাদাৰে গুৱাহাটীলৈ উঠি অহাৰ এবছৰমান হ'ল। বিয়াগোম, চালে-চকুৰোৱা ঘৰ সাজিছে। বিকি আগতে কেইবাবাৰো আহিছে তেওঁলোকৰ ঘৰলৈ, কুমুদ খুড়াৰ এয়াই প্ৰথম।
'হেৰৌ, মজিয়াখন দেখো আইনাৰ দৰে! পিছলি পৰিম নেকি বাৰু?'
'এয়া টাইলছ বুলি কয়..সাবধানে খোজ দিবা।' কুমুদ খুড়াই পেলাও-নেপেলাওকৈ খোজ দিলে লাহে লাহে যাতে ভৰিত লাগি থকা ধূলিৰ ক্ষুদ্ৰ অংশ এটিয়েও মজিয়াখন লেতেৰা কৰিব নোৱাৰে।
'ইমান চফা মজিয়া...ইয়াতে ভাত খাবও পৰা যাব'।

কামকৰা ছোৱালীজনীয়ে চাহ দি গ'ল।
'বিকি, মুখখন অলপ ধুই ল'ব লাগিছিল। ক'ত বা আছে বাথৰুম?'
'সৌৱা বাওঁফালে সেয়া বাথৰুম। এটা কথা কিন্তু। পানীৰ টেপ হাতেৰে নুখুলিবা। ইয়াত চব অ'টোমেটিক। টেপটোৰ ওচৰলৈ গৈ সৰুকৈ ক'বা- 'পানী...ৱাটাৰ'। পানী ওলাই আহিব। যদি নাহে তেনেহ'লে কাষতে বগা ডাঙৰ পাত্ৰ এটা আছে। তাৰপৰাই অলপ ল'বা।'

কিছুদেৰিৰ পিছত কুমুদ খুড়া বাথৰুমৰ পৰা আহিল। আহিয়ে ঠিকাদাৰৰ ঘৈণীয়কক ক'লে- 'আপোনালোকৰ পানীৰ টেপটোৱে আজি কথা শুনা নাই। কাষৰ পাত্ৰটোও বৰ গধুৰ দেই। কিবা পকাখনতে ফিক্সড কৰি থোৱা যেন লাগিল।'
'পাত্ৰ? কোনটো পাত্ৰ?? সেইটো বাথৰুমত বাল্টি-মগ একো নাই দেখোন'।
'কিয় সেই বগা পাত্ৰটোৰ কথা কৈছোঁ। তাতো অলপ হে পানী আছে। তাৰেই এচলু মুখত দিলোঁ আৰু। ভৰ্তি কৰি থ'ব আকৌ, নহ'লে শেষ হৈ যাব।'
ঠিকাদাৰৰ ঘৈণীয়েকৰ কি কওঁ, কি নকওঁ যেন লাগিল। প্ৰায় দহমিনিট লাগিল কুমুদ খুড়াক বুজাওঁতে যে সেই বগা ডাঙৰ পাত্ৰটো আচলতে "ক'মোড"হে আৰু ই - কি আৰু কিয় বিখ্যাত! বিকিয়ে ইতিমধ্যে চাহ খাই চিটিবাছেৰে গৈ আদাবাৰী পালেগৈ।
এতিয়াও গাঁৱৰ প্ৰায় সকলোৱে কুমুদ খুড়াক "ক'মোড খুড়া" বুলিয়েই মাতে।


No comments:

Post a Comment