Sunday 8 September 2013

সুধাকন্ঠ

সৰু থাকোতে আমাৰ ঘৰত এটা ডেৰ ফুট মানৰ দীঘল ৰেডিঅ' আৰু 'মাৰ্ফি'ৰ সৰু চেপেটা টেপ-ৰেক'ৰ্ডাৰ আছিল। সেই দুটাই হয়তো আমাক শিকাইছিল গান মানে কি! বহু দিনলৈ ঘৰত থকা কেছেটবোৰ দেখি আমাৰ শিশুমনে ভাবিছিল অসমত চাগে 'গান গোৱা ব্যক্তি' এজনেই আছে।

অসমৰ বাহিৰত বহু লিখা-পঢ়া কৰা লোকে যেতিয়া সুধে অসম কি,'ত...তেতিয়া লগে লগে সেই 'গান গোৱা ব্যক্তি'জনৰ কথা কৈছিলোঁ সদায়। 'অসম'ক চিনি নোপোৱাসকলেও কিন্তু তেখেতক ঠিকেই জানিছিল...বহুতে নিজৰ 'ফেভ'ৰিট' বুলি লগে লগে তেখেতৰ দুই-এটি সৃষ্টি গুণগুণাইছিল।

দুবছৰমান আগতে অ'ফিচৰ সহকৰ্মীৰ লগত পুণেৰপৰা মহাবালেশ্বৰ অভিমুখে গৈ থাকোতে ৰাস্তাত সৰু দোকান এখনত চাহ খাবলৈ ৰখিছিলোঁ। গাড়ীৰপৰা নমাৰ লগে লগে অচিনাকী ঠাইখনত হঠাতে দোকানখনৰ পৰা ভাঁহি আহিছিল এটি চিনাকী কন্ঠ..চিনাকী সুৰ। ৰুদালিৰ গান। লগত যোৱা কেইজনক ক'বলৈ মন গৈছিল- "অসম ক'ত আছে নজনা, অসমীয়া কি নিচিনা বুৰ্বকহঁত, শুনি ল এই কন্ঠ..অনুভৱ কৰ এই সুৰ...বুজি পাবি অসমৰ ৰূপ, অসমৰ মানুহৰ মনৰ সৌন্দৰ্য...!!"

আজি তেখেতৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি যাঁচিলো....

No comments:

Post a Comment