Friday 6 December 2013

"দেৱাল লিখন"



'হেৰা, তুমি ঠিকেই শুনিছাতো? মাজনীয়ে কাৰ লগত কথা পাতি আছিল?'
'ঠিকেই শুনিছো অ'... সেই বিকি বান্দৰটোৱে হেনো আমাৰ দেৱালখনত অলপ আগতে কিবাকিবি লিখি থৈ গৈছে। সেইকথাটোৰ ওপৰতে তাই লগৰ এজনীৰ লগত ফোনত চিঞৰি চিঞৰি আলোচনা কৰি আছিল। মাজনীৰ লগৰজনীয়ে হয়তো আমাৰ ঘৰৰ আগেৰে যাওতে দেখিলে...'-বৰুৱানীয়ে ফুচফুচাই ক'লে বৰুৱাক।
'ছেহ..দুদিন আগত দেৱালখনত ধুনীয়াকৈ বগা ৰঙ দিছিলোঁহে। কি বা লিখিলে! মোৰ কথা নে তাইৰ কথা?'
'নাজানো। ভাল কথাতো নহ'বই কিজানি, নহ'লে মাজনীৰ ইম্মান খঙ উঠে নে! মই কৈছিলোৱেই দেৱালখনত ৰঙ-চঙ একো দিব নালাগে, তেনেকৈয়ে থাকক। তুমিহে...'
''বা হে..ৰঙ দিয়াৰ পিছত কিমান ধুনীয়া দেখাইছে। মইনো কেনেকৈ জানো কোনোবাই যে দেৱালত কিবাকিবি লিখি থৈ যাব বুলি।...আৰু এটা কথা, মাজনী এতিয়া কলেজ পাইছে। তুমি অলপ চকু দিবা। ল'ৰা-চ'ৰাৰ লগত বেছি হলিগলি ভাল নাপাও। এই বিকিটোৰ লগত কি সম্পৰ্ক তাইৰ? কিবা প্ৰেম-চেম....?'
'কি যে কোৱা, কিয়নো হ'ব। তাই দেখোন তাক 'বিকি বান্দৰ' বুলি চিঞৰি আছিল।'
'একো ক'ব নোৱাৰি। তোমাৰ বায়েৰাৰ ছোৱালীজনীয়ে দেখোন হ'ব লগা দৰাজনক ফোনত 'তুমি ইমান ষ্টুপিড..ইমান মূৰ্খ..ইডিয়টৰ দৰে কথা নক'বা...এক থাপৰ দিম...'-এনেকৈয়ে কথা কয়। আজিকালিৰ ছোৱালীৰ প্ৰেমৰ ভাষা বুজি নাপাও আমি।
'মাজনী ৰুমত শুইছে। এতিয়া বাৰটা বাজিবৰ হ'ল। দেৱালত কি লিখিছে চাওগৈ ব'লা..'
'নাই নাই, এই মাজৰাতি কোনোবাই দেখিলে ভয়ানক কথা হ'ব। তাতকৈ একেবাৰে আন্ধাৰে-পোহৰে গৈ যি যি লিখিছে, চব মচিব লাগিব। বগা ৰঙ অলপ আছেই। সেইখিনি ওপৰে ওপৰে লগাই দিম'
'হে প্ৰভূ, কি লিখিছে কাৰো চকুত যেন পৰিবলৈ নিদিয়া, নহ'লে আমাৰ লাজ-মান নাথাকিব।'-বৰুৱানীয়ে সেৱা কৰিলে দুবাৰমান।
বৰুৱাৰ সেইৰাতি টোপনি নাহিল। বহু পুৰণি কথা মনত পৰিল তেওঁৰ। এবাৰ কলেজত থাকোতে প্ৰিন্সিপালৰ লগত কাজিয়া লাগি খঙতে তেওঁ প্ৰিন্সিপালৰ কাষৰ দেৱালখনত লিখি আহিছিল ৰাতি-'প্ৰিন্সিপালৰ ৰুমটো বৰ্তমান প্ৰসাৱগাৰ হিচাপে ব্যৱহাৰ কৰি সুখ লওক'। কম হাঁহাকাৰ লাগিছিল নে সেইবাৰ। বিকিয়ে বাৰু তেনেকুৱা কিবাই লিখি থৈ গ'ল নেকি?
পুৱা চাৰিটাতে মূৰে-গায়ে কাপোৰ লৈ বৰুৱা-বৰুৱানী বাহিৰলৈ ওলাল। টেনশ্যনত মুখ শুকাই আছে দুয়োৰে। হাতত তিনিবেটাৰীৰ টৰ্ছ লৈ বৰুৱানী আগে আগে, ৰঙৰ টেমা আৰু ব্ৰাছ লৈ পিছে পিছে বৰুৱা। ঘৰৰ চাৰিওফালৰ দেৱালখনৰ এক-এক ইঞ্চি চাই গ'ল। নাই, কিন্তু ক'তো একো লিখা থকা নেদেখিলে। প্ৰায় এঘন্টামানৰ পিছত দুয়ো আহি জীয়েকৰ কোঠা পালে।
'মাজনী, উঠ উঠ....লগৰজনীয়ে আমাৰ ঘৰৰ দেৱালত কি লিখা দেখিছিল?'
'আমাৰ ঘৰৰ ৱাল? কি বকি আছা, মা?'
'নহয় অ'..কালি যে ফোনত কৈ আছিলি, বিকি বান্দৰটোৱে ৱালখনত কিবা লিখি থৈ যোৱা বুলি...'
'ও মা-পাপা, তোমালোক ইম্মান আউটডেটেড! আমাৰ ঘৰৰ ৱাল'ৰ কথা কোৱা নাই, মোৰ ফে'চবুকৰ ৱাল মানে টাইমলাইনৰ কথা কৈছিলোঁ। কিমান কৈ থাকো ফে'চবুকটোতো এটলিষ্ট শিকি লোৱা, নাই।...এতিয়া যোৱা ৰাতিপুৱা ভালকৈ বুজাই দিম।...ইমান পুৱাতে মাতি মুড নষ্ট কৰি দিলা'
বৰুৱাহঁতে একো বুজি নাপালে। বৰুৱাই লাহেকৈ ক'লে- ফে'চবুকৰেই হওঁক বা ঘৰৰেই হওঁক, নিজৰ দেৱালখন পৰিস্কাৰ হৈ থাকিব লাগে। বেলেগে কিবাকিবি লিখি যাব বা ফ'টো-চ'টো লগাই যাব, সেইটো কথা হ'ল নেকি? শুন, তোৰ সেই ৱালখনতো সকলোৰে চকুত পৰাকৈ ডাঙৰকৈ লিখি থবি, "দেৱাল-লিখন নচলিব...ষ্টিক নো বিলচ"!
© দিগন্ত কুমাৰ ভট্টাচাৰ্য

No comments:

Post a Comment