Tuesday, 1 October 2013

"বহি:ৰাজ্যত আপোন ছবি : ব্যক্তিগত অনুভৱ"

পুণেৰ ফিনিক্স মলৰ পৰা ওলাই ৰাস্তাটো পাৰ হৈ বিপৰীত দিশে গ'লোঁ। তাতে চুক এটাত ঠেলাগাড়ী এখনত এজনে চাহ বিক্ৰী কৰে। মই প্ৰায়েই চাহ খাওঁ ইয়াত। আদা-তেজপাত মিহলাই কৰা চাহকাপৰ মজাই বেলেগ। কেফে কফি ডে' (চিচিডি)ৰ 'বিগ বাজেট'ৰ কফি কাপতকৈ ইয়াৰ ছয়টকীয়া চাহকাপ খাই এক বেলেগ তৃপ্তি পাওঁ। ঠিক সেই সময়তে 'পিএমটি'ৰ বাছ এখন ৰ'ল। মোৰ এনেকুৱা লাগিল মলিয়ন গামোচা মূৰত বান্ধি এইমাত্ৰ যেন হেণ্ডিমেনজনে নামি আহি চিঞৰিব - 'কাছাৰী, মালিগাঁৱ, আদাবাৰী..খালী গাড়ী, খালী গাড়ী...', ঠিক ব'ঞ্জোই অলপ আগতে চিঞৰাৰ দৰে। হয়, মই তেতিয়াও কিছুসময় আগতে ফিনিক্সৰ 'পিভিআৰ'ত উপভোগ কৰি অহা অসমীয়া কথাছবি 'লোকেল কুংফু'ৰ পৰা চাগে ওলাবই পৰা নাছিলোঁ। পুণেৰ ৰাস্তাত ঠিয় হৈয়ো মোৰ সেই মূহুৰ্তত অসমত থকা যেন লাগিছিল, মোৰ চাৰিওফালে যেন বিচৰন কৰি ফুৰিছে চাৰ্লি, দুলু, ব'ঞ্জো আদি চৰিত্ৰসমূহে।

কলেজত থাকোতে শুক্ৰবাৰে চিনেমা নোচোৱাটো এক ডাঙৰ পাপ আৰু অসমীয়া চিনেমা হ'লে এঘাৰবজাৰ 'ফাৰ্ষ্ট শ্বো' নাচালে হ'ব পৰা মহাপাপ'ৰ যেন প্ৰায়শ্চিত্ত: নাই - এনে ভাব আছিল আমি কেইজনমানৰ। শুক্ৰবাৰে ক্লাছ পোৱা এজন ছাৰে এবাৰ কৈছিলেই - 'তুমি দেখোন ৰেগুলাৰলি ইৰেগুলাৰ হে মোৰ ক্লাছত'! কলেজ আৰু অসম এৰাৰ প্ৰায় দহবছৰ পিছত প্ৰথমবাৰৰ বাবে অসমীয়া ছবি হলত চোৱাৰ সৌভাগ্য ঘটিল, তাৰ বাবে 'লোকেল কুংফু'ৰ লগত জড়িত সকলোকে আন্তৰিক ধন্যবাদ! হয়তো বহি:ৰাজ্যত নিজ মাতৃভাষাৰ ছবি চাবলৈ পাই উৎসাহৰ সীমা নাছিল বাবে ছবিখন একে আষাৰে 'এখন উপভোগ্য ছবি' বুলি ক'ম তথাপিও 'লোকেল কুংফু' এখন কাৰিকৰী ত্ৰুটিশূন্য, সৰ্বাংগসুন্দৰ, লেখত ল'বলগীয়া ছবি বুলি ক'লেও অত্যুক্তি কৰা হ'ব।

ছবিখনৰ কাহিনী সৰল-সাধাৰণ যেন অসমৰ ঘৰৰ কাষৰ নিচেই চিনাকী কেইজনমান যুৱকৰ একো একোটি ঘটনাৰহে মিশ্ৰণ। ইয়াত খলনায়কজনো অতি সাধাৰণ- যিজন ভয়ংকৰ চেহেৰাৰ নহয়, যিয়ে নিজৰ ভায়েকক মদ খোৱাৰ বাবে কোবায় অথবা যিজনে নায়িকা চকুৰ আগেৰে দৌৰি আঁতৰি গ'লেও খেদি গৈ 'জবৰদস্তি' কৰাৰ চেষ্টা নকৰে। ছবিখনৰ প্ৰায়বোৰ দৃশ্যই দৰ্শকক হাঁহিৰ খোৰাক দিয়াত সফল হৈছে, তাৰ ভিতৰত মিক্সিত ভাত-ডাইলৰ লগতে ডেইৰী মিল্ক চক'লেট দি গুড়ি কৰা, ক'ফিৰ দোকানত মন্টি আৰু মন্টিৰূপী চাৰ্লিৰ লগত নায়িকাৰ খুড়াকৰ কথোপকথন, শেষত এজনে চাধা মাৰি আহি তানসেনক 'কি হে, মাৰ খালাক' বুলি সোধা আদিবোৰ বিশেষভাবে উল্লেখযোগ্য। লগতে শেষৰ 'একচন ছিকুৱেঞ্চ'কেইটাই ছবিখনক এক বেলেগ মাত্ৰা দিছে বুলি ক'লে নিশ্চয়কৈ বঢ়াই কোৱা নহয়। নায়ক কেনী বসুমতাৰীৰ অভিনয় সুন্দৰ। ব'ঞ্জোৰ মুখখন বহুদিনলৈ মনত থাকিব, তেওঁৰ ভৱিষ্যত উজ্জ্বল বুলি ক'লে ভুল কোৱা নহ'ব। দুলু, ভবানন্দ দাস আদি চৰিত্ৰত অভিনয় কৰা সকলোৱে নিজৰ সাধ্য অনুযায়ী ভাল অভিনয় কৰিছে। কিছু দৃশ্যত অভিনেতা-অভিনেত্ৰীৰ সংলাপ প্ৰক্ষেপনত জড়তা চকুৰ পৰা সাৰি যাব পৰা নাই যদিও সকলোৱে আন্তৰিকতাৰে 'নিজৰ ছবি' বুলি কৰা প্ৰয়াসৰ বাবে সেই সকলোবোৰ 'মাফ' কৰি দিব পাৰি।
পৰিচালক হিচাপে কেনী বসুমতাৰী যথেষ্ট সফল বুলিয়েই ক'ব লাগিব। হাবিয়াস থাকিলেও বাজেটৰ সীমাবদ্ধতাৰ বাবে হয়তো কিছু দৃশ্য-দৃশ্যাংশ অধিক উন্নত কৰিবলৈ সক্ষম নহ'ল। কিন্তু ভৱিষ্যতে তেওঁৰপৰা অসমৰ ৰাইজে যেন এখন হ'লেও সৰ্বাংগ-সুন্দৰ কথাছবি উপহাৰ হিচাপে পাব, সেয়া নিশ্চিত:। তাৰ বাবে অৱশ্যেই কেনীক প্ৰয়োজন হ'ব অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ উৎসাহ তথা সহযোগিতা! 

Thursday, 26 September 2013

'বিস্কুট' (এক মিনিটৰ গল্প)

এইকেইদিন এক দুখৰ ছাঁই আৱৰি আছে চলিহাৰ ঘৰখন। পুৱা-গধূলি ডাক্তৰৰ ভিৰ। জেকীৰ অসুখ। দুদিন ধৰি একো এটা মুখত দিয়া নাই জেকীয়ে। চকুপানী টুকি টুকি ভাগৰি পৰিছে চলিহানী।
সাতবছৰীয়া ৰাজুৰ মাক শ্যামা বায়ে চলিহাহঁতৰ ঘৰত কাম কৰে। বস্তিৰ ল'ৰাবোৰৰ লগত ঘূৰি-ফুৰি থাকে বাবে তাক কেতিয়াবা কামৰ সময়ত মাকে লৈ আহে চলিহাহঁতৰ ঘৰলৈ। সি আজি চলিহানীয়ে কৈ থকা শুনিছে যে জেকীৰ হেনো "লেপ্ট'স্পিৰ'ছিছ" হৈছে। তাৰ মানে কি সি বুজা নাই। ডাক্তৰ এজনে আহি ক'লে পুৱা- 'জেকীৰ বয়স এতিয়া বাৰবছৰ। এই বেমাৰটো হ'লে খাবলৈ ইচ্ছা নকৰিবই। মই এবিধ বিশেষ বিস্কুটৰ নাম লিখি দিছো। অকণমান খুৱাব পাৰিলেও যথেষ্ট। বৰ ভাল বিস্কুট। পেকেট হিচাপে আনিব। পাৰ পেকেট টু থাউজেণ্ড মান পৰিব চাগে।'
মুৰ্গীৰ ঠেঙৰ আকৃতিৰ ভিন্ন ৰঙী বিস্কুট এখন জেকীৰ সন্মুখত ৰাখিলে। জেকীয়ে এবাৰ-দুবাৰ বিস্কুটখন চেলেকি চালে। ৰাজুৰো ক'ব নোৱাৰাকৈয়ে নিজৰ জিভাখন ওলাই আহিল। চিকচিকিয়া মজিয়াখনত পৰি থকা বিস্কুটৰ গুড়ি অলপ সি মুখত দি চালে। এক গভীৰ তৃপ্তিত তাৰ চকুহাল মুদ খাই আহিল।
০০
যোৱা দুদিনৰপৰা ৰাজুৰ জ্বৰ। মাকে কাঁহীত দি থৈ যোৱা সিদ্ধ ভাত আৰু পিয়াঁজ টুকুৰা তেনেকৈয়ে পৰি আছে। তাৰ অকণো মন যোৱা নাই খাবলৈ। আজি তাৰ মাক সোনকালে কামৰ পৰা উভতি আহিল। হাতত এটা পেকেট। 
'তোৰ অসুখ বুলি গম পাই চলিহা বাইদেৱে আজি খাবলৈ কিবা দি পঠাইছে। তেওঁৰ আজি খুব ফূৰ্ত্তি। কুকুৰটোৰ বেমাৰ ভাল হ'ল নহয়।'
ৰাজুৱে একে জাঁপে আহি পেকেটটো খুলি চালে। দেখিলে কেইটুকুৰামান ব্ৰেড। তাৰ চকু দুটা চলচলীয়া হ'ল।
'মা, তই মোৰ কি বেমাৰ হোৱা বুলি কৈছ?'
'জ্বৰ বুলি কৈছোঁ আকৌ...'
'তই মোৰো 'লেপস্পিৰছ' নে কি সেইটো বেমাৰ হোৱা বুলি কিয় নক'লি??'- ৰাজুৰ দুচকুত ভাঁহি আহিল এখন বিস্কুটৰ ছবি। মুৰ্গীৰ ঠেঙৰ আকৃতিৰ......ভিন্নৰঙী!!

© দিগন্ত কুমাৰ ভট্টাচাৰ্য

Sunday, 22 September 2013

"দ্য লান্স বক্স: নিসংগতাৰ এক মনোমোহা পোট্ৰেইট"

মুম্বাইৰ বিখ্যাত 'ডাব্বা চাৰ্ভিচ'ৰ বিষয়ে আমি সকলোৱে চাগে কম-বেছি পৰিমাণে জ্ঞাত। মুম্বাইৰ ডাব্বাৱালাসকলে তেওঁলোকৰ নিজৰ ঘৰৰপৰা, হোটেলৰপৰা অথবা চাকৰিয়ালসকলৰ নিজ ঘৰৰপৰা দুপৰীয়াৰ টিফিন বক্স বা ডাব্বা সংগ্ৰহ কৰি সুকলমে যথা সময়ত দৈনিক লাখ-লাখ চাকৰিয়ালৰ হাতত পৰাত সহায় কৰে। আনকি বিদেশৰ বহু বৃহৎ অনুস্থান-প্ৰতিষ্ঠানেও এই 'ডাব্বা চাৰ্ভিচ'ৰ ত্ৰুটিহীন পৰিচালনা দেখি তবধ মানিছে।

মুম্বাইৰ মালাড অঞ্চলৰ বাসিন্দা 'ইলা'ৰ স্বামী আৰু কণমানি কন্যা সন্তানেৰে সৈতে এক সৰু মধ্যবিত্ত পৰিয়াল। ইলাই প্ৰতি দুপৰীয়া এজন ডাব্বাৱালাৰ জড়িয়তে স্বামীলৈ টিফিন পঠিয়ায়। এক অসুখী বৈবাহিক জীৱন যাপন কৰা ইলাক প্ৰতি মূহুৰ্ততে আৱৰি ৰাখে এক ছায়াই..নিসংগতাৰ ছাঁ। এখন্তেক উমাল সান্নিধ্যৰ বাবে আকুলতাৰে অপেক্ষা কৰা ইলাক যান্ত্ৰিক জীৱনত অভ্যস্ত স্বামীয়ে প্ৰতি সন্ধিয়া কৰা উপেক্ষাই ইলাৰ জীৱনত ক্ৰমান্বয়ে নমাই আনিছে নিৰাশাৰ ডাঁৱৰ। এদিন ইলাই স্বামীলৈ পঠিওৱা ডাব্বাটো ডাব্বাৱালাৰ ভুলৰ বাবে চাজন(সাজন) ফাৰ্ণাণ্ডেজ নামৰ ব্যক্তিজনৰ হাতত পৰে। প্ৰায় পয়ত্ৰিশ বছৰৰ কৰ্মজীৱন অতিক্ৰম কৰা ফাৰ্ণাণ্ডেজৰ চাকৰিৰপৰা অৱসৰ লোৱাৰ সময় সমাগত। অকলশৰীয়া ফাৰ্ণাণ্ডেজৰ বহু বছৰ আগতেই পত্নী বিয়োগ ঘটিছে। ওপৰমহলাত থকা 'আন্টি'গৰাকীৰ উপদেশমতে পিছদিনা ইলাই ৰুটিৰ মাজত এখনি চুটি চিঠি লিখিলে। ফাৰ্ণাণ্ডেজেও চিঠিখনিৰ উত্তৰ দিলে। তাৰ পিছত প্ৰতি দিনেই 'লান্স বক্স'টোৰ মাধ্যমেৰে দুয়োজনৰ মাজত চিঠিৰ আদান-প্ৰদান চলিবলৈ ধৰিলে। কেতিয়াও লগ নোহোৱাকৈয়ে দুয়োৰে মাজত বন্ধুত্ব হ'ল। প্ৰতিদিনে দুয়োজনে 'লান্স বক্স'টোৰ অপেক্ষাত ৰৈ থকা হ'ল। এয়া জানো প্ৰেম? নে সোঁ-শৰীৰে নেদেখাস্বত্বেও গঢ় লৈ উঠা এক অনামী আকৰ্ষণ? নে এয়া নিজৰ ৰিক্ত জীৱন, আশা-সপোন, স্মৃতি -সকলোবোৰ ব্যক্ত কৰিবলৈ একোজনকৈ প্ৰকৃত সংগী বিচাৰি পোৱাৰ আনন্দ? এয়াও সত্য চাগে যে -"Sometimes even the wrong train can take you to the right destination."
মুখামুখিকৈ কথা পতাৰ হেঁপাহত এদিন ইলাই ফাৰ্ণাণ্ডেজক এখন সৰু হোটেললৈ দুপৰীয়া আমন্ত্ৰণ জনালে। ধুনীয়াকৈ সাজি-কাঁচি আহিছে ফাৰ্ণাণ্ডেজ সেইদিনা। থুতৰিৰ ডাড়িখিনি দুবাৰকৈ খুৰাইছে। অপেক্ষা কৰিছে একবজালৈ..ইলাই তেওঁক একবজাতেই মাতিছে...! তাৰপিছত? ফাৰ্ণাণ্ডেজে ইলাক লগ কৰিলে নে? ইলা আৰু ফাৰ্ণাণ্ডেজৰ মাজত গঢ় লৈ উঠা 'প্ৰেম'ৰ সম্পৰ্কটিৰ পৰিণতি কি হ'? এইসকলোবোৰ ৰাইজে 'দ্য লান্স বক্স' নামৰ ছবিখন উপভোগ কৰিলে নিজেই বুজি পাব।
 
পৰিচালক ৰিতেশ বাট্ৰাৰ এইখন প্ৰথম ছবি। তেওঁ ছবিখনিৰ কাহিনীও লিখিছে। মূল দুটি চৰিত্ৰ - ফাৰ্ণাণ্ডেজ আৰু ইলা'ৰ ভূমিকা লৈছে ইৰফান খান আৰু নিম্ৰাট কৌৰে। দুয়োজনৰে অভিনয় অতুলনীয়। ইৰফানৰ খানৰ সংলাপ কম যদিও সকলোৱে জানে ইৰফান খানৰ চকু কিয় দেহৰ সঞ্চালনেও কৈ যাব পাৰে বহু কথা, কৰিব পাৰে অভিনয়! 'আছলাম শ্বেইখ'ৰ ভূমিকাত বৰ্তমান বলিউডৰ আন এজন শক্তিশালী চৰিত্ৰাভিনেতা নৱাজউদ্দিন ছিডিক্কীৰ অভিনয় অপূৰ্ব। এবাৰো স্ক্ৰীণত নহাকৈ কেৱল সংলাপেৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা "ওপৰ মহলাৰ আন্টি" ভাৰতী আচৰেকাৰক পাহৰিব নোৱাৰি। এইখন সম্পূৰ্ণ পৰিচালকৰ ছবি। কোনো এটি শ্বটেই অদৰকাৰী নাছিল। বহুকেইটা মন চুই যোৱা দৃশ্য আৰু সংলাপ সমৃদ্ধ 'দ্য লান্স বক্স'ক চিনেমাপ্ৰেমী ৰাইজে যে বহুদিনলৈ মনত ৰাখিব সেয়া নিশ্চিত। আমি এয়াও নিশ্চিত যে যিসকলে এতিয়াও ডাব্বাৰ সোৱাদ লৈ পোৱা নাই, এই ছবিখন চোৱাৰ পিছত জীৱনত এবাৰ হ'লেও ডাব্বাৱালাই লৈ অহা 'ডাব্বা' অৰ্থাৎ 'লান্স বক্স'টোলৈ অপেক্ষা কৰিবলৈ মন যাব। আৰু মন যাব 'সাজন'(চাজন) ছবিৰ ছুপাৰহিট 'মেৰা দিল ভি কিতনা পাগল হ্যে য়ে, প্যাৰ তো তুমচে কৰতা হ্যে' গানটো আকৌ এবাৰ শুনিবলৈ ছবিখন চোৱাৰ ঠিক পিছতে!!

Sunday, 8 September 2013

সুধাকন্ঠ

সৰু থাকোতে আমাৰ ঘৰত এটা ডেৰ ফুট মানৰ দীঘল ৰেডিঅ' আৰু 'মাৰ্ফি'ৰ সৰু চেপেটা টেপ-ৰেক'ৰ্ডাৰ আছিল। সেই দুটাই হয়তো আমাক শিকাইছিল গান মানে কি! বহু দিনলৈ ঘৰত থকা কেছেটবোৰ দেখি আমাৰ শিশুমনে ভাবিছিল অসমত চাগে 'গান গোৱা ব্যক্তি' এজনেই আছে।

অসমৰ বাহিৰত বহু লিখা-পঢ়া কৰা লোকে যেতিয়া সুধে অসম কি,'ত...তেতিয়া লগে লগে সেই 'গান গোৱা ব্যক্তি'জনৰ কথা কৈছিলোঁ সদায়। 'অসম'ক চিনি নোপোৱাসকলেও কিন্তু তেখেতক ঠিকেই জানিছিল...বহুতে নিজৰ 'ফেভ'ৰিট' বুলি লগে লগে তেখেতৰ দুই-এটি সৃষ্টি গুণগুণাইছিল।

দুবছৰমান আগতে অ'ফিচৰ সহকৰ্মীৰ লগত পুণেৰপৰা মহাবালেশ্বৰ অভিমুখে গৈ থাকোতে ৰাস্তাত সৰু দোকান এখনত চাহ খাবলৈ ৰখিছিলোঁ। গাড়ীৰপৰা নমাৰ লগে লগে অচিনাকী ঠাইখনত হঠাতে দোকানখনৰ পৰা ভাঁহি আহিছিল এটি চিনাকী কন্ঠ..চিনাকী সুৰ। ৰুদালিৰ গান। লগত যোৱা কেইজনক ক'বলৈ মন গৈছিল- "অসম ক'ত আছে নজনা, অসমীয়া কি নিচিনা বুৰ্বকহঁত, শুনি ল এই কন্ঠ..অনুভৱ কৰ এই সুৰ...বুজি পাবি অসমৰ ৰূপ, অসমৰ মানুহৰ মনৰ সৌন্দৰ্য...!!"

আজি তেখেতৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি যাঁচিলো....

Wednesday, 4 September 2013

"গুৰু দক্ষিণা"

জাৰকুছি গাঁও টাউনৰ পৰা তিনি কিল'মিটাৰৰ আঁতৰত। যোৱাবছৰ কিবা এটা কামত সেইফালে যাব লগা হৈছিল। টাউনৰপৰা তিনি কিল'মিটাৰৰ দূৰত হ'লেও ৰাষ্টা-ঘাটৰ অৱস্থা তথৈবচ। সৰু তিনিআলি এটাত ৰৈ মানুহ এগৰাকীৰ ঘৰ বিচাৰোতে দেখিলোঁ কাষতে সেয়া কলিতা ছাৰ। প্ৰায় ওঠৰ বছৰ পিছত ছাৰৰ লগত মুখামুখি। ছাৰৰ বিদায় মিটিঙতে শেষ দেখা। ওচৰলৈ আগবাঢ়ি গৈ মাতোতে ছাৰে লগে লগে চিনি পালে। বয়স হৈছে, দেখিলে গম পায়।

ছাৰৰ ঘৰো তিনিআলিটোৰ পৰা অলপ দূৰত। তেখেতে ঘৰলৈ যাবলৈ লগ ধৰিলে। সিদিনা সেই সময়ত কিবা এটা কামত বহুত ব্যস্ত আছিলোঁ যদিও ছাৰক 'না' বুলি ক'বলৈ মন নগ'ল।
"ছাৰ, মোৰ বাইক..."
"হে: হে:..তুমি আগবাঢ়া, মই গৈ আছো লাহে লাহে...."
ছাৰৰ আগে আগে বাইকেৰে গাঁওৰ পথৰ ধূলি উৰুৱাই যাবলৈ বেয়া লাগিল। ছাৰ কিছু দূৰ পোৱালৈ ৰ'লোঁ তাতে। ছাৰ অকলশৰীয়া মানুহ। আমি স্কুলত থাকোতেই ছাৰৰ পত্নীবিয়োগ হৈছিল। ছোৱালী তিনিজনীৰো হেনো দূৰত বিয়া দিছে। ছাৰে বহু কথাই সুধিলে-ক'লে।
"তুমি বাহিৰতে থকা। তোমালোকৰ লগৰ অঞ্জন, ৰাতুল, অৰিন্দমহঁতৰ খবৰ?"
ছাৰে আমাক সদায় 'তই' বুলিয়ে মাতিছিল। তেখেতৰ মুখত 'তুমি'তো কিবা এটা আচহুৱা যেন লাগিল।
"ছাৰ, মোক 'তই' বুলিয়ে মাতিবচোন"
"হে: হে: এতিয়া ভাল নালাগে নহয়, বহুত ডাঙৰ হ'লা। আমাৰেই লাজ লাগে তেনেকৈ মাতিব!...আৰু বাকীকেইজনৰ খবৰ?"
'অঞ্জন আমেৰিকাত থাকে। ৰাতুল ডাক্তৰ হ'ল..দিল্লীত থাকে এতিয়া...।"
এক গভীৰ প্ৰশান্তিত ছাৰৰ মুখখন উজ্বল হৈ উঠিল।
"সেই অঞ্জনক বৰ গালি দিছিলোঁ সি ক্লাছ ফাইভত থাকোতে। সৰু হাতৰ ডব্লিউৰ পাকটো ভালকৈ আনিব নোৱাৰে হে নোৱাৰে! ভাল ছাত্ৰবোৰৰ ভাল হোৱা শুনিলে বৰ আনন্দ লাগে, বুজিছা" - ছাৰৰ চকুদুটা চলচলীয়া হ'ল।
এনেতে তিৰোতা এগৰাকী আহি ঘৰৰ ভিতৰলৈ সোমাই গ'ল।
"এইগৰাকী তোমালোকৰ লগৰ উত্তমৰ পৰিবাৰ। সিহঁতৰ ঘৰ আমাৰপৰা দুঘৰ এৰি। অকলে থাকোঁ বাবে পুৱা-গধুলি আহি তেওঁ ভাতকেইটা ৰান্ধি দিয়েহি। ঘৰৰ ইটো-সিটো কামো উত্তমহঁতেই কৰে।'
বহু চেষ্টা কৰিও মই উত্তমৰ কথা মনত পেলাব নোৱাৰিলোঁ। ছাৰেই ক'লে ক্লাছ নাইনৰ পিছত আমাৰ স্কুল এৰি দেউতাকৰ লগত পাণ দোকানত বহিছিল। এতিয়া ওচৰৰে তিনিআলিটোত পাণদোকানখনৰ লগতে সন্ধিয়া তৰকাৰীৰ বেপাৰো কৰে। অলপ পিছত উত্তম আহিল। বহু কথা মনত পৰিল। উৎপতীয়া আছিল সি। আমি দেখিব নোৱাৰিছিলোঁ।

"নাইনৰ পিছত ছাৰহঁতৰ গালি-বেটৰ কোবৰ ভয়ত নগ'লোৱেই আৰু স্কুল। এতিয়া ভাবো আমি পঢ়া বাদ দি ডাঙৰ ভুল কৰিছিলোঁ হে। এই ছাৰক সৰুতে কিমান যে অভিশাপ দিছিলোঁ...হা: হা:। কিন্তু আজি টকা-পইচাৰ হিচাপ, অলপ লেখা-পঢ়া- এই ছাৰৰ পৰাইতো শিকিলোঁ। স্কুলততো আমি বেয়া ছাত্ৰই হৈ থাকিলোঁ।"
মই তাৰ হাত দুখনত ধৰি ক'লো - "উত্তম, তোমালোক 'বেয়া' ছাত্ৰকেইজনেইতো এতিয়া ছাৰক প্ৰকৃত গুৰুদক্ষিণা দি আছা। আমি ভাল ছাত্ৰ কেইজনে কেৱল মাজে মাজে শ্ৰদ্ধা আৰু সন্মানেৰে মনত পেলাওঁ বা আনৰ আগত কওঁ- 'আমাৰ এজন শিক্ষক আছিল যিয়ে আমাক এ,বি, চি, ডি প্ৰথম শিকাইছিল স্কুলত...যাৰ নাম নৰহৰি কলিতা ছাৰ...কিন্তু নাজানো, ছাৰ এতিয়া কেনে আৰু ক'ত আছে!...."

Tuesday, 3 September 2013

এটি সন্ধিয়াৰ ডায়েৰী

'গট এনি ক্লু অ'ৰ ষ্টিল ট্ৰাইং?', মূৰ ডাঙি চালোঁ। আমাৰ প্ৰজেক্ট মেনেজাৰজন ৰৈ আছে। মানুহজন ভাল। কিন্তু এই মুহুৰ্তত তেওঁ পৃথিৱীৰ সমস্ত খং, বিৰক্তি আৰু অশান্তি নিজৰ মুখলৈ টানি আজুৰি লৈ আনিছে বাবে মই বেছি দেৰি চাব নোৱাৰিলোঁ।
'নো, ষ্টিল ট্ৰাইং টু ফাইণ্ড দা ৰূট ক'জ'।
আমি অ'নলাইন এডভাৰ্টাইজিঙত কাম কৰো। আমাৰ প্ৰডাক্ট ব্যৱহাৰ কৰি ক্লায়েন্টে 'ফ্লেছ এড্' বনাই বিভিন্ন ৱেব চাইটত চাৰ্ভ কৰে। আজি আমেৰিকাৰ ক্লায়েন্টৰ ই-মেইল পালো আবেলি তেওঁলোকৰ এড্ ফায়াৰফক্সত নচলে। সেই আবেলিৰ পৰা মূৰ নদঙাকৈ এই ইচ্যুটোৰ কাৰন আৰু সমাধান বিচাৰি মূৰ ঘমাই আছো কিন্তু নাই, একোৱেই ধৰিব পৰা নাই।
'এইটো বিৰাট আৰ্জেন্ট ইচ্যু ভাই। আমেৰিকাৰ ৰাতিপুৱাৰ আগতে আমাৰ পৰা আপডেট যাব লাগিব কিন্তু'। কথাখিনি কৈ বছ ঘৰমুৱা হ'ল। চাৰে ছ্য়টা বাজিছে। অ'ফিচৰ প্ৰায়খিনিয়েই ঘৰলৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিলেই।

আজি আমাৰ প্ৰথম বিবাহ-বাৰ্ষিকি। ছয়বজাত ঘৰ গৈ পাম বুলি কথা দিছিলোঁ পত্নীক। ফোন কৰি ক'লো আৰু এঘন্টামান দেৰি হ'ব অ'ফিচতে। তেওঁ একো নামাতিলে মুখেৰে। নাৰীৰ নিঃশব্দ অভিমান আৰু বেজীৰ খোচ একেই।
                                               ................
'সন্ধ্যা যেতিয়া নামে...আইলৈ মনত পৰে' - পাপনৰ চিনাকি গানটো বাজি উঠিল মোৰ মোবাইলত।ৰিং টোন। অচিনাকি নাম্বাৰৰ ফোন।
'হেল্লো'
'ছাৰ, হমাৰী বেংক কী তৰফ সে আপকে লিয়ে এক ক্ৰেডিট কাৰ্ড.....'
'ছ'ৰি বছ!' মানুহজনক পিচত ফোন কৰিবলৈ ক'লোঁ।
 
সি মই ক'ত চাকৰি কৰো সুধিলে। ক'লোঁ।
'আপকা নাম?'
'বিজয় চৌহান....পুৰা নাম বিজয় দীননাথ চৌহান'। খঙতে ক'লোঁ মই। হাৰে, নাম নাজান; ক'ত চাকৰি কৰো নাজান, অথচ ফ্ৰী ক্ৰেডিট কাৰ্ডৰ কাৰনে মোক চিলেক্ট কৰা বুলি কৈছ!
'মই বিৰাট ব্যস্ত, দুই মিনিটও কথা ক'ব নোৱাৰো এই সময়ত' কথাখিনি কৈ মই ফোনটো কাটি দিব ওলালো।
'ছাৰ, অকল আপোনালোক ডাঙৰ মানুহবোৰ হে ব্যস্ত নেকি? আমি নহয়? আমি নুবুজো সময়ৰ মূল্য? ৰাতিপুৱাৰ পৰা এশজনক ফোন কৰিলো। সকলো 'বিজি'। একমিনিট আমাৰ কথা শুনিবলৈ আহৰি নাই।' এজেন্টজনে চিঞৰি কোৱা কথাখিনি শুনি
মোৰ এইবাৰ খং নুঠিল, অবাক হ'লো।
'ছ'ৰি ছাৰ, মই টাৰ্গেট চুব পৰা নাই। আৰু পাঁচজন বাকী। কাইলৈ দুপৰীয়া বাৰটাৰ আগত নহ'লে মোৰ চাকৰিৰ টনা-টনি হোৱাটো খাটাং। আপোনালোকেই যদি সহায় নকৰে কোনে কৰিব কওঁক?' এইবাৰ সি খুব লাহে লাহে ক'লে কথাখিনি। লগতে কৈ গ'ল তাৰ হেজাৰটা সমস্যাৰ কথা - তাৰ বাইকৰ লোন, মাকৰ অসুখ ইত্যাদি। তাৰ কথাবোৰ সম্পূৰ্ণকৈ বিশ্বাস নকৰিলেও জীৱনত প্ৰথমবাৰৰ বাবে ক্ৰেডিট কাৰ্ডৰ এজেন্ট এজনে তাৰ ব্যক্তিগত কথাৰ জোলোঙাটো মোৰ আগত খুলি দিবলৈ চেষ্টা কৰা বাবে ভাবিলোঁ ইয়াক সহায় কৰিব পাৰিলে বেয়া নহ'ব। তাক ৰাতিপুৱা আহি দ'কুমেন্টবোৰ লৈ যাবলৈ ক'লোঁ। দুই ছেকেণ্ডত দহবাৰ 'থেংক ইউ' কৈ সি ফোনটো ৰাখিলে।
পাপনৰ গানটোৱে সচাঁকৈ আইলৈ মনত পেলাই দিলে। পৰহিলৈ মাৰ গল-ব্লাডাৰৰ অ'পাৰেচন। কাইলৈ হ'স্পিটালত ভৰ্তি কৰোৱাৰ সময়তে সমূদায় ধন জমা দিব লাগিব। দেউতাৰ একাউন্টলৈ পইচা ট্ৰান্সফাৰ কৰিব লাগে, কিন্তু আবেলিৰ পৰা চেষ্টা কৰিও পৰা নাই। 'ছিকিউৰিটি কোড'ৰ কিবা অমিল হৈছে হেনো। তেতিয়াই কমপ্লেইন দিছিলো কাষ্ট'মাৰ কেয়াৰত। এতিয়ালৈকে একো খা-খবৰ নাই। বোধকৰো কোনোবা এজনে সেই প্ৰ'ব্লেমটোৰ সমাধান বিচাৰি মূৰ ঘমাইছে, ঠিক মোৰ দৰেই। আকৌ কাষ্ট'মাৰ কেয়াৰৰ নম্বৰ লগালো।
'হিন্দী মে সুননে কেলিয়ে এক ডবাইয়ে..মাৰাঠী মে সুননে কেলিয়ে দো ডবাইয়ে...' নিৰ্দেশানুযায়ী নম্বৰবোৰ টিপি গ'লোঁ। দুইমিনিটমানৰ পিছত কানত বাজি উঠিল নাৰীকন্ঠৰ সেই স্বয়ংক্ৰিয় কন্ঠস্বৰ - সকলো এক্সিকিউটিভ আন আন টেলিফোনত ব্যস্ত, 'প্লিজ্, ডায়েল আফ্টাৰ ছাম টাইম'। শুৱলা কন্ঠস্বৰ! নাৰীৰ সুমধুৰ কন্ঠই কেতিয়াবা জ্বলা জুইত পানীও ঢালে। সেইকাৰনে যিমান খং উঠিব লাগিছিল, নুঠিল।

ঘড়ীটোলৈ চালোঁ, আঠ বাজি গৈছে। আকৌ এবাৰ পত্নীলৈ ফোন লগালো। ৰিং হৈ আছে, ৰিচিভ কৰা নাই। অভিমানবোৰ চাগে এতিয়া খঙলৈ ৰূপান্তৰ হ'ব ধৰিছে লাহে লাহে।
আকৌ আৰম্ভ কৰিলোঁ আমাৰ আমেৰিকান ক্লায়েন্টৰ প্ৰ'ব্লেমটোৰ অনুসন্ধান।
  
                                                ....................
হঠাতে পেটটোৱে এক মৃদু বিষৰ সৃষ্টি কৰি মনত পেলাই দিলে দুপৰীয়াৰ পৰা একো নোখোৱা কথাটো। অ'ফিচৰ কেন্টিনখন বন্ধ হ'ল কিজানি। অলপ আগতে ক্লায়েন্টে ই-মেইল কৰি জনাইছে পুৱা চাৰে ন' বজাত এখন টেলি-ক'নফাৰেন্স হ'ব। মই থাকিব লাগিব। আমেৰিকাৰ মাউন্টেইন ভিউ'ৰ ক্লায়েন্ট। তাৰমানে আমাৰ নিশা এঘাৰ বজাত হ'ব এই ক'নফাৰেন্সিং। ঘড়ীলৈ চালো- এঘাৰ বাজিবলৈ পোন্ধৰ মিনিট আছে। অ'ফিচৰ তলতে বহা পাটিলৰ ঠেলাগাড়ীতে কিবা এটা খাই অহা ভাল হ'ব।
'পাটিল ভাউ, বড়া-পাউৰ আগৰ দৰে সেই সোৱাদ নাই দেখোন'।
'আৰে চাহাব, আপুনিতো জানেই মোৰ প্ৰ'ব্লেমৰ কথা'। সি মাৰাঠীতে ক'লে।
হয়, বহুত সমস্যাই একেলগে আহি লগ দিছে পাটিলক। কিছুদিন আগতে তাৰ ঘৈণীয়েকজনী পলাই গ'ল ওচৰৰ তেলেগু পাণদোকানীজনৰ লগত। আগতে, বড়া-ৰুটি-চব্জি তাই ৰান্ধিছিল। এতিয়া সকলো কাম পাটিলে কৰিবলগা হৈছে। সি ভালকৈ নাজানে। থানাত এজাহাৰ দিছে। পুলিচেও বহুত টকা খালে। মুঠতে হাজাৰটা সমস্যা তাৰ।
'পাটিল ভাউ, সমস্যাবোৰৰ সমাধান বিচৰা লাহে লাহে'।
'হয় চাহাব', লাহেকৈ হাঁহি এটা মাৰিলে সি। এক নিঃশব্দ আৰু সেমেকা হাঁহি।
                                                ....................
আকৌ উভতি আহিলো অ'ফিচৰ ডেস্কলৈ। পত্নীৰ ফোন অ'ফ এইবাৰ। খঙবোৰ এতিয়া কিজানি দুখহৈ দুগাল টিয়াই নিগৰিছে চকুলোৰ ৰূপত।
   
হ’ব, কথা নাই। একাষাৰ কথাতেই নাৰীৰ অভিমান জাগে, দুআষাৰত অভিমান ভাগে। অলপ পিছতে ক্লায়েন্টে ফোন কৰিব। বাৰ বজাৰ আগত কল শেষ কৰি ঘৰ যাব পাৰিলে চিন্তা নাই। নহ'লে পত্নীক বুজাম 'হ'ব দিয়া, তোমাক হোমৰ গুৰিত সেন্দুৰ পিন্ধাইছিলো মাজ ৰাতিহে, এতিয়াও বাৰ্ষিকিৰ সময় উকলি যোৱা নাই'।
ডেস্কৰ ফোনটো বাজি উঠিল। ইমান কৰ্কশ ইয়াৰ শব্দ! প্ৰব্লেমটোৰ একো তলা-মূধা নাপালো বুলি কোৱাৰ পিছত ক্লায়েন্টৰ সাম্ভাব্য কথাৰ বিস্ফোৰণ শুনিবলৈ নিজকে সাজু কৰিলো
'হেল্লো'
'হেই দিগেন্তা, হাউ আৰ ইউ?'
'হাই গাইজ, আই এম ডুইং গ্ৰেট.........' কথাখিনি কওঁতে এক নিঃশব্দ আৰু সেমেকা হাঁহি বিৰিঙি উঠিল মোৰ দুই ওঠত। হয়, ঠিক সেই পাটিল ভাউৰ হাঁহিটোৰ দৰে।