Tuesday, 3 September 2013

ফাইল

'এইটোত প্ৰয়োজনীয় কাগজ-পত্ৰ বোৰ ভৰাই লৈ যাবি, ল'- কলেজত হায়াৰ ছেকেণ্ডাৰী এডমিশ্বন ল'বলৈ যোৱাৰ আগদিনা দেউতাই মোৰ হাতত তুলি দিছিল ফাইলটো। মেট্ৰিকৰ মাৰ্কশ্বিট আৰু এডমিট কাৰ্ডখনৰ বাহিৰে আন দৰকাৰী নথি পত্ৰ একো নাছিল সেইদিনা। এডমিশ্বনৰ পিছত কলেজৰপৰা দিয়া টাইম-টেবুল, বিভিন্ন ছাত্ৰ সংগঠনে বৰঙণিৰ বাবদ দিয়া ৰছিদ আদিৰে ভৰি গৈছিল মোৰ ফাইলটো। তাৰ পিছত প্ৰতি বছৰে নতুন মাৰ্কশ্বিট, এডমিটে ফাইলটোত ঠাই পালে। ৰছিদ, টাইম-টেবুল আদিৰ ঠাই নোহোৱা হ'ল।প্ৰাইমেৰী আৰু মজলীয়া বৃত্তি পোৱাৰ পিছত মোৰ ফ'টো উঠা পেপাৰবোৰো মাৰ কাপোৰ থোৱা ট্ৰাংকটোৰ পৰা আহি ফাইলটোৰ ভিতৰ পালে। কেতিয়াবা উলিয়াই চাওঁ। এগাল সৰু সৰু ল'ৰা ছোৱালীৰ কৃতিত্বৰ ফ'টোৰ মাজত চকু দুটা ডাঙৰকৈ মেলি উঠা মোৰ ফ'টোখন। বাকীবোৰলৈ চাই ভাবো ইহঁত বা এতিয়া ক'ত আছে, কি কৰি আছে! সেয়াই শেষ আছিল নে পিছৰ জীৱনতো বাতৰি হৈ খবৰ কাগজৰ পৃষ্ঠাত নাম উজলোৱাৰ সুযোগ পাইছে সিহঁতে?
ফাইলটোৰ একেবাৰে তলত এতিয়াও আছে মেঘালীৰ প্ৰেমপত্ৰখন। প্ৰেমপত্ৰ? হা: হা:..নহয় নহয়, এনেয়ে ক'লো আৰু। যৌৱনৰ প্ৰাৰম্ভণিত ছোৱালীৰ প্ৰতি যিটো আকৰ্ষণ জন্মে, ঠিক তেনেকুৱা এক আকৰ্ষণে বাহ লৈছিল মোৰ মনত মেঘালীৰ প্ৰতি। হয়তো তাতকৈ অকণমান বেছি।
'মৰমৰ মিতুল দা, ভাইটিৰ হাতত তোমাৰ ইংৰাজী আৰু অসমীয়াৰ নোটচ্ খিনি দি পঠাবা..ইতি..'। এক শাৰীৰ এখনি চিঠি। মোৰ মেট্ৰিক পৰীক্ষাৰ পিছতে তাই দিছিল এইখন। আমাতকৈ এবছৰৰ সৰু। মই দিছিলোঁ নোটচ্ খিনি। বেলেগ স্কুল আছিল কাৰণে তাইৰ ৰেপিড ৰিদাৰ আছিল 'কিতাপ পঢ়াৰ আনন্দ'। আমাৰ 'মৰমৰ দেউতা'। দুনিশা টোপনি খতি কৰি 'কিতাপ পঢ়াৰ আনন্দ' পঢ়ি নোটচ্ লিখি দিয়া মনত আছে।...দুদিন আগত তাইক গাওঁৰ বজাৰত দেখিছিলোঁ। ঘৰলৈ আহিছিল চাগে। তাইৰ ল'ৰাটো দহবছৰীয়া মানেই হ'ল। তাই হয়তো ল'ৰাটোক চিনাকি কৰাই দিলেহেঁতেন, 'এয়া মিতুল মামা...'।...নাই, তাইৰ সন্তানৰ মুখত 'মামা' সম্বোধনটো চাগে মোৰ ভাল নালাগিব। সেয়ে মই দেখিও নামাতিলোঁ।
ফাইলটোৰ ৰঙ ডাঠ বেঙুনীয়া আছিল প্ৰথমতে, এতিয়া পাতল বেঙুনীয়া হৈছে। হয়তো কিছুবছৰ পিচত বগা হ'ব। চাৰিওচুকৰ অলপ-চলপ ফাটিছে। পিচফালৰ ডাঠ বকলাটোতো মাজে মাজে দুই-এটি ফুটা হৈছে। ফাইলটো মেৰিয়াই থকা ফিটাডালৰ আগৰ সেই শক্তি নাই। ফাইলটোৰ আকাৰ বাঢ়ি গৈ যোৱাৰ লগে লগে সেইডালৰ অৱস্থা জীৰ্ণ-শীৰ্ণ হৈ আহিল। এতিয়া কেইডালমান সূতাৰ সমষ্টিত পৰিণত হৈছে ফিটাডাল। ইন্টাৰভিউ দিব গ'লে আগতে ফিটাডাল সহজ পাক এটাৰে মাৰি থৈছিলোঁ, যাতে পটকৈ খুলিব পাৰি। আজিকালি দেখোঁ কোনেও এই মাৰ্কশ্বিট আদিবোৰ নাচায়েই। বুকুফালি মোৰ অৰ্হতা দেখুৱাবলৈ প্ৰতি মুৰ্হূততে সাজু হৈ থকা ফাইলটো চকীৰ ওপৰতে পৰি ৰয়। তথাপিও তাক মই সদায় লৈ যাওঁ। বিভিন্ন ইন্টাৰভিউৰ লেটাৰ, চাকৰি সংক্ৰান্তীয় বাতৰিৰ পেপাৰ কাট আদিয়ে তাৰ ওজন লাহে লাহে বঢ়াই গৈছে। চাকৰিৰ এপ'ইন্টমেন্ট লেটাৰ এখনৰ ওজন সহাৰ আশা হয়তো পূৰণ নহ'ব তাৰ। ফাইলটোক কওঁ মই, তই মোৰ শিক্ষা-জ্ঞানৰ সাক্ষীৰ বোজাবোৰ কঢ়িয়াই ফুৰিছ ইমান বছৰে, ময়ো তোক কঢ়িয়াই নিম দে; কষ্ট নহয় মোৰ।
কেইদিনমান আগতে গুৱাহাটীৰপৰা আহোতে ফাইলটো বাচতে পাহৰি আহিছিলোঁ। দুদিন বিচাৰি বিচাৰি অৱশেষত বাচৰ কাউন্টাৰতে পালোঁ ফাইলটো। 'দাদা, নাম-ফোন নং লিখি থৈ দিব হে ওপৰত...'। তেতিয়াহে দেখিলো ফাইলৰ ওপৰত লিখা মোৰ নাম-ঠিকনা কেতিয়াবাই মচ খাই গৈছে। সেইদিনা পুণৰ নতুনকৈ লিখিলোঁ সম্পূৰ্ণ ঠিকনা। প্ৰায় বিছ বছৰৰ আগৰ ফাইল। মোবাইল নং লিখিবলৈ নিৰ্দ্দিষ্টকৈ ঠাই নাই। তলতে লিখি থলোঁ। সময়মতে মোবাইলৰ বিল দিব নোৱাৰাৰ বাবে প্ৰায়ে কানেকচন কাটি দিয়ে। ফোন নংটো লিখি ভাবিলোঁ এতিয়াৰপৰা সাবধান হ'বৰ হ'ল।
মই ভাবিছো মোৰ এই ফাইলটোৰ লগত চাগে সম্পৰ্ক শেষ কৰি দিম অচিৰেই। যোৱা তিনিমাহৰপৰা মই গাৱৰে কেইটামান ল'ৰাক পঢ়াওঁ ঘৰতে। মোৰ লগৰকেইজনে 'টিউশ্যন কৰি খুব কমাইছ ন?' বুলি হাঁহে। ময়ো হাঁহো। মাহ শেষ হ'লে সিহঁতৰ মাক-দেউতাকে কেতিয়াবা পাৰ এযোৰ বা অলপ জহা চাউল অথবা কোনোবাই দহটা নাৰিকল লৈ আহে। পইচা দিবলৈ অসমৰ্থ বাবে দুখ কৰে। মোৰ ল'বলৈ বেয়া লাগে। তেওঁলোকে নামানে। ময়ো ল'বলৈ বাধ্য হওঁ। মই পঢ়াই থাকিলে দেউতাই বাহিৰৰ চকী এখনত বহী শুনি থাকে। 'মাতটো অলপ ডাঙৰ কৰিবি..' দেউতাই কয় দিয়ে কেতিয়াবা। দেউতাৰ চকু দুটা উজ্জ্বল দেখিছো আজি কিছুদিনৰ পৰা, বোধহয় সুখী তেওঁ। কিবা এটাতো কৰি আছো!
যোৱামাহৰ পৰা মই আন এটি ফাইলৰ পিছত ঘূৰা আৰম্ভ কৰিছোঁ। দেউতাৰ পেঞ্চনৰ ফাইলটো। এবছৰ হ'ল দেউতাই অৱসৰ পোৱা। পেঞ্চনটো হোৱা নাই। অ'ফিচত খবৰ কৰিলে কয় ফাইলটো বৰ'বাবুৰ টেবুলতে আছে, 'চাৰ'ৰ টেবুল পাবলৈ সময় লাগিব। বৰ অকঁৰা চাগে সেই ফাইলটো। কোনেও তাক ডাঙি উঠাই নিব নোৱাৰে? নিজে নিজেই ঠেঁহ পাতি এখন টেবুলতে বহি ৰ'ব পাৰে দিনৰ পিছত দিন, মাহৰ পিছত মাহ..?! খুউব মন যায় সেই ফাইলটোক চাবলৈ। তথাপিও সেই ফাইলটোও আদৰৰ মোৰ। দেউতাৰ বহুটো আধৰুৱা সপোন জড়িত হৈ আছে ফাইলটোৰ লগত। দেউতাক সেই সপোনবোৰৰ পিছে পিছে দৌৰিবলৈ সুবিধা কৰি দিবৰ বাবেই মই এতিয়া ফাইলটোৰ পিছে পিছে দৌৰি ফুৰিছোঁ!! 
©দিগন্ত কুমাৰ ভট্টাচাৰ্য 

Monday, 2 September 2013

এটি নতুন সংগঠনৰ প্ৰস্তুতি


'কথা এটা ভাবিছোঁ ও অনুপ, এটি নতুন সংগঠনৰ সৃষ্টি কৰো দে আমি কেইজনে মিলি। বি.এ পাছ কৰাৰ দহবছৰেই হ'বৰ হ'ল, একো এটা নহ'ল...'
'কি? সংগঠন?? হাজাৰটা সংগঠন আছে এই অসমত। আকৌ এটা? আমি উলিয়াম?' কথা কওঁতে অনুপৰ মুখৰপৰা মিঠা পাণখনৰ পিকবোৰ ব'ডি স্প্ৰে'ৰ দৰে ওলাইছে।
'বেলেগ সংগঠনত সাধাৰণ সদস্য হৈ থাকি একো লাভ নাই। বহুত ভাবি-গুণি মই ঠিৰাং কৰিছো। মই সভাপতি, তই সম্পাদক।'
'কিন্তু আমি কৰিম কি? তইতো ভাই যোৱাবছৰ চৰকাৰী চাকৰিও পাইছিলি, নকৰি গুচি আহিলি..'
'আৰে ভাবিছিলো চৰকাৰী চাকৰি, বাৰটামানত যাম অ'ফিচলৈ ঘৰতে ভাত-পানী খাই। দুটামান ফাইলত চহী কৰি দুইমান বজাত ঘূৰি আহিম। নাই ও, তাত গৈ দেখিলোঁ কমেও চাৰিঘন্টামানতো কাম কৰিবই লাগে। নোৱাৰিলোঁ বুজিচ, গুচি আহিলো।'
'বাৰু আমাৰ সংগঠনৰ কাম কেনেকুৱা হ'ব? কিবা দাবী-চাবী?'
'চা, প্ৰথমতে দুটামান ভাল ৰাজহুৱা কাম কৰি সংগঠনটোৰ নাম ৰাইজৰ মুখলৈ-চকুলৈ আনিব লাগিব। তাৰ পিছত দেখা যাব। অসমীয়া মানুহ ছেন্টিমেন্টেল-ইম'শ্যনেল, এবাৰ মনৰ ভিতৰত ঠাই দিলে আমাৰ বিপক্ষে এশটা বেয়া শুনিলেও বিশ্বাস নকৰিব'।
'কিন্তু ভাল কাম কি নো কৰিবি? আমাৰ বা লাভেই কি হ'ব?'
'লাভ লগে লগে বিচাৰিলেই নহ'ব। প্ৰথম বছৰ আমাৰ কষ্ট-শ্ৰম ইনভেষ্ট কৰিব লাগিব বুলি ভাবি ল, লাহে লাহে সীমাহীন লাভ আহি থাকিব। ভাল কাম বহুত আছে। যেনে ধৰ, আমাৰ টাউনৰ সেই বৰলুইত ল'জখনত ফাকুৱা, থাৰ্টি ফাৰ্ষ্ট ডিচেম্বৰ আদি দিনত ডাঙৰ নাচ-গানৰ প্ৰ'গ্ৰেম চলে মাজৰাতিলৈ। লাখ-লাখ টকাৰ ব্যৱসায়। প্ৰথমতে আমাৰ সংগঠনৰপৰা সেইটো নিষিদ্ধ ঘোষণা কৰিম। ভেলেন্টাইন ডে'ৰ দিনা গাৰ্লছ কলেজৰ সন্মুখৰ আৰ্চিছ গেলাৰীত হাজাৰ-হাজাৰ টকাৰ কাৰ্ড-গিফ্ট বিক্ৰী হয়। পশ্চিমীয়া সংস্কৃতি - আমি বাধা দিমেই। অসমৰ ৰাইজেও ভাল পাব।'
'পিছে বাধা দিলোৱেই বাৰু, আমাৰ কি লাভ...?'
'তই একেবাৰে হেবাং হৈয়েই থাকিলি। চা, আমি সেই লজৰ সন্মুখত ধৰ্ণা দিম। চেনেলৰ মানুহ আহিব। খবৰ ডাঙৰ হ'ব। পুলিচ আহিব। আমাৰ সংগঠনৰ ভাল নাম এটা হ'ব। ল'ৰা-ছোৱালীবোৰে ৰুমাল-দোপাট্টাৰে মুখ ঢাকি ওলাই আহিব দৌৰি দৌৰি। তাৰ পিছত দুবাৰমান সেই লজটোৱে আৰু একো নাপাতে। আমাৰ লগত বুজাবুজি কৰিব। ...বচ, আমি আৰু একো নকৰোঁ। দেখিবি সিহঁতৰপৰা সময়ে সময়ে লাভৰ পাৰ্চেন্টেজ এটা এনেয়ে আহি থাকিব।...বুজিলি?'
'বুজিলোঁ। পিছে আমাৰ কিবা এটা লক্ষ্য-দাবীতো থাকিব লাগিব ভাই।'
'সংগঠন এটা চলাই নিওতে আমি চৰকাৰৰ কাৰণে এনেকুৱা দাবী কিছুমান বাচি ল'ম, যিবোৰ কেতিয়াও পূৰণ নহয়। দাবী যদি মানিয়েই লয়, আমাৰ কাম দেখোন তাতেই শেষ। তই মাত্ৰ এতিয়া এশ-দুশ ল'ৰা গোটোৱাৰ চেষ্টা কৰ'।
'আছে আছে, আমি এই চাৰিআলিত আড্ডা দিও কাৰণে বহুত নতুন নতুন ল'ৰাই টাউনৰ সৰু গলিবোৰতে বহে। বেছিভাগ এবছৰ-দুবছৰ আগতে বি.এ, এম.এ পাছ কৰা। সিহঁতক আনিব লাগিব। আৰু আমি দেখোন বিছজনমান আছোঁৱেই।'
'হ'ব। সিহঁতক মাত্ৰ ভালকৈ ব্ৰেইন ৱাছ দি ল'ব লাগিব যাতে ভাবে - 'তেজ দিম, সংগঠনৰ কাৰণে সকলো কৰিম'। আৰু সিহঁতৰ উন্নতি এধানিও নোহোৱাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব প্ৰতি মুহূৰ্ততে। বেলেগ সন্থাবোৰেই চা- সভাপতি,সম্পাদক স্ক'ৰপিঅ'ত ঘূৰে কিন্তু সাধাৰণ সদস্যৰ বিড়ি এটা কিনিবলৈও পইচা নাথাকে।'
'কিন্তু 'বন্ধ' বোলে বন্ধ কৰিছে! আমি বন্ধ-চন্ধ নিদিমেই নেকি? বন্ধ দিলেহে সংগঠন ফে'মাচ হয়।'
'আমি মাজে মাজে কিবা দাবী এটা লৈ পথ অৱৰোধ কৰিম। সেইটোও এটা বন্ধই দেচোন। বিহাৰী-পাঞ্জাৱী ড্ৰাইভাৰ দুটামানক অসমীয়া ক'ব নোৱাৰাৰ কাৰণে লপা-থপা দিম। বেছি কিবা ক'লে গাড়ী জ্বলাম। সন্থা-সমিতিয়ে গাড়ী জ্বলালে পুলিচেও একো নকৰে, বুজিছ?'
'হুহ, যোৱাবাৰ চেন্নাই যাওতে তামিল এজনে তামিলৰ বাহিৰে বেলেগ ভাষা নাজানো বুলি কওতে দেখোন তয়েই চিঞৰিছিলি, অসমত থাকিলেই ট্ৰাক ড্ৰাইভাৰে অসমীয়া নোৱাৰিলে মাৰিবি? দুইফালে কিয় কৱ বাৰু?'
'আৰে সেয়া ব্যক্তিগত কথা, সংগঠনৰ স্বাৰ্থত সেইবোৰ এৰিব লাগিব দেচোন, হে: হে:। মোৰ আৰু বহুত প্লেন আছে, তই মাত্ৰ মোৰ লগত থাকিবি ছাঁৰ দৰে। ক'ৰপৰা ক'ত যাও চাই থাকিবি। এতিয়া সপোন দেখি থাক।'
'আহ..দেখিছো। ভাল লাগি গৈছে গা-মন।'
'কিছুবছৰ পিছত কিজানিবা আমিও দিল্লীলৈ যাব পাৰো কেন্দ্ৰৰ লগত আলোচনাৰ কাৰণে। আলোচনাৰ দুদিন আগে-পিছে আমাৰ নাম টিভিৰ নিউজবোৰত! দিল্লীৰ বিলাসী হোটেলত আমাক ৰাখিব। অসমৰ ৰাইজে আশাৰে বাট চাব -কি হয়, কি নহয় শুনিবলৈ। আলোচনা কিবা হওক-নহওক, আমি মুখ ফুলাই টিভিত ওলাম। আকৌ এলানি আলোচনাৰ বাবে বাট মুকলি কৰি ৰাখিম...'
'তাৰ পিছত...?'
'তাৰ পিছত কি? দুদিন পিছত সকলো পাহৰিব। পিছত হঠাত কিবা মন গ'লে এগেইন আলোচনা কৰিম বুলি চিঞৰ-বাখৰ লগাম। আলোচনাৰ প্ৰক্ৰিয়াটোৰ কিবা সমাধান ওলালে দেখোন আমাৰেই বিপদ...'।
'তই ইমান স্মাৰ্ট! পিছে আমাৰ সংগঠনটোৰ নাম কি দিবি?'
'ভাবিয়েই থৈছোঁ অলৰে'ডি। চা, আমি এই চাৰিআলিবোৰত থিয় হৈ আড্ডা নিদিও জানো? গতিকে 'অল চাৰিআলি ষ্টেণ্ডিং ইউনিয়ন' মানে চুটিকৈ 'আকচু'।
'ঠিকেই আছে, পিছে অসমীয়াত নামটোহে কিবা ঠিক নহ'ব নেকি?'
'অসমীয়াত নাম কেইটাই কয়? অসমীয়া চেনেলতো বিজেপি, এজিপি বুলি ক'লেহে আমিবোৰে বুজোঁ। হিন্দী চেনেলত কিন্তু 'ভাজপা' বুলি ঠিকেই কয়। গতিকে আমাৰ 'আকচু' নামটো বিৰাট হিট হ'ব।'
'নামটোৱেই নে সংগঠনটোৱেই হ'ব ছুপাৰহিট!!'
হাঁহি হাঁহি অনুপে পান এখন খাবলৈ গ'ল। মোৰ চকুত ভাঁহি আহিল অজস্ৰ যুৱক-যুৱতী, আবাল-বৃদ্ধ-বনিতাৰ এখনি ছবি। সিহঁতৰ পিঠিত উঠি মই লাহে লাহে এখন স্বপ্ননগৰীত প্ৰৱেশ কৰিলোঁ।।
 
©দিগন্ত কুমাৰ ভট্টাচাৰ্য

সন্ধিয়াৰ বাতৰি

সন্ধিয়া সাতবজাৰ বাতৰিৰ বিৰতিৰ সময়ছোৱা- নিউজ ৰীডাৰ সুনন্দই পানী অলপ খাই লৈছে, মণীষাই কঁপালত বিৰিঙি উঠা ঘামখিনি ৰুমাল এখনেৰে মচিছে।
নিউজ এডিটৰ ডেকা দৌৰি আহিল। 'ব্ৰেকৰ পিছত অঞ্জনৰ ওচৰলৈ..আমাৰ নিউজ বিল্ডিঙৰ অলপ আঁতৰতে হেনো চোৰ এটা ধৰিছে। অঞ্জন ৰৈ আছে। আমাৰ চেনেলৰ এক্সক্লুছিভ হ'ব।'
"কিন্তু ডেকাদা, এইটো লাষ্ট নিউজ হ'ব। ৰবীন্দ্ৰ ভৱনৰ 'ৰাভা সংগীত প্ৰতিযোগিতা'ৰ লাইভ পাঁচমিনিট দেখুওৱাৰ কথা আছিল নহয়? এনেয়ে আমি টিআৰপি'ৰ পিছত দৌৰোঁ বুলি কয়, এতিয়া আকৌ সেইটো নেদেখাই চোৰক দেখুৱালে...."।
"ৰাভা সংগীত প্ৰতিযোগিতাত প্ৰতিযোগীৰ সংখ্যা দহজন, দৰ্শক আৰু বিচাৰক পাঁচজনকৈ। চোৰক চাবলৈ মানুহৰ সংখ্যা বোলে দুশতকৈও বেছি। গতিকে আমাক দোষ দি কি নো লাভ, ৰাইজে নিজেই দেখোন এইবোৰ চাই ভাল পায়!"
"পিছে তেওঁ কাৰ পক্ষে-বিপক্ষে ক'ব? আৰক্ষীক গালি দিবলৈ কৈছে নে অলপ?"
"ধুৰ, কি ফাল্টু কথা কোৱা..ইয়াৰে অ'চিজন আমাৰ মালিক ছাৰৰ কাজিন ব্ৰাডাৰ।"
"তেন্তে, সমষ্টিৰ বিধায়কক?"
"না: সেইটো আনটো চেনেলে ক'বই। ৰাইজৰ মানৱীয়তাৰ ওপৰতো প্ৰশ্ন তুলিব নোৱাৰে, 'পাব্লিক ধুলাই' খাব। গতিকে ইন-জেনেৰেল নিউজটোকে দিবলৈ কৈছোঁ আৰু..."
বিৰতিৰ পিছত এগাল মানুহ সোঁৱে-বাৱে লৈ ৰিপ'ৰ্টাৰ অঞ্জনে মহানগৰীৰ মাজমজিয়াত চোৰ কৰায়ত্তৰ বাতৰি আৰম্ভ কৰিলে। কেমেৰামেন পৰশুই চোৰৰ মুখখনৰ ক্লোজ-আপ শ্ব'ট এটা ল'বলৈ চেষ্টা কৰিছে। ভিৰ ঠেলি অঞ্জন তাৰ কাষত বহিলগৈ। দুজনমানে তেতিয়াও তাক পিছপিনৰ পৰা চৰ-গোৰ দিয়েই আছে।
"এয়া আমি চোৰজনৰ ওচৰত...বাৰু, আপুনি কওঁকচোন ৰাইজৰ চৰ-ভুকু-গোৰ খাই আপোনাৰ অনুভৱ কেনেকুৱা?"
চোৰজনে ইমান সময়ে ঢাকি ৰখা হাতদুখন মুখৰপৰা আঁতৰাই অঞ্জনলৈ চাই এক অশ্লীল গালি পাৰিলে। অঞ্জনেও গালিটোৰ লগে লগে তাতকৈ বেছি প্ৰাবল্যত দুটি দীঘলকৈ কাঁহ মাৰিলে যাতে গালিটো দৰ্শকৰ ওচৰ নাচাপে। লাইভ টেলিকাষ্ট, ষ্টুডিঅ'ত 'বিপ' লগোৱাৰো সময় নাই।
"চাল্লা, অনুভৱ সুধিবলৈ আহিছে...আৰে ভাই মই আচল চোৰ নহয় ঔ.."
"মনীষা, এয়া চোৰজনে এক গুৰুত্বপূৰ্ণ কথা কৈছে যে তেওঁ হেনো চোৰ নহয়..মনীষা আপুনি শুনিছে?"- অঞ্জনে কেমেৰাৰ ফালে চাই কৈ গ'ল।
ষ্টুডিঅ'ত নিউজ এডিটৰ ডেকাই সৰুকৈ মাতিলে মনীষাক..."আৰে 'মানীছা', তাক উত্তৰ নিদিয়া কিয়? চিঞৰি আছে।..হুহ শুদ্ধ অসমীয়া উচ্চাৰনেৰে মাতিলেও ছোৱালীবোৰে নিজৰ নামটোও বুজি নাপায় আজিকালি"।
মনীষাই খপজপকৈ কেমেৰাৰ ফালে চালে, "হয় অঞ্জন। আমি জানিব বিচাৰিম তেওঁ যে চোৰ নহয় তাৰ বাবে কিবা তথ্য জনাব পাৰিব নেকি আমাক"।
দুবাৰমান 'হয়, হয়'কৈ মূৰটো নচুৱাই অঞ্জনে চোৰজনক সুধিলে-"বাৰু, আপুনি যে চোৰ নহয় সেয়া বুজাবলৈ কিবা তথ্য-প্ৰমাণ আমাৰ দৰ্শকক জনাবলৈ বিচাৰিব আপুনি?"
সেহাই সেহাই চোৰজনে ক'বলৈ ধৰিলে,"দাদা, মই পানদোকানী পৰমা। আজি গোটেই দিনটো আঢ়ৈটকীয়া ভাতসাঁজৰ কথা ভাবি মাথাটো গৰম হৈ আছিল। সেইসময়তে ইয়াত মানুহকেইজনমানে চোৰ এজনক পিটি থকা দেখিলোঁ। তাকে দেখি ভাবিলো ময়ো বেটাক দুটা চৰ দি যাও। ভিৰ ফালি সোমাইছিলোহে, এনেতে এজনে পিছফালৰ পৰা মোকেই এচৰ দিলে। ঘুৰি চাই দেখো সেই চুৱৰৰ বাচ্চা সাতআঙুলীয়া ৰমা দোকানী। সেই দেখি তাৰ কাষত থকাবোৰেও মোক মাৰিবলৈ ধৰিলে চৰ-ভুকু..উস্ উস্!"
লাইটৰ পোহৰত এইবাৰ চোৰজনৰ মুখখন দেখি উপস্থিত ৰাইজৰ কিছুমানে চিঞৰিলে -"আৰে হয়, এইজন দেখোন পৰমা দোকানী, আচল চোৰজন বেলেগহে আছিল"।
অঞ্জনে আকৌ সুধিলে, "পিছে, আপুনি ৰমা দোকানীৰ চৰৰ বলি হ'ল কিয়? দৰ্শকক কি ক'ব এই বিষয়ে?"
"মই দোকানখন দিয়া দুমাহ হ'ল। তেতিয়াৰে পৰা তাৰ বিজিনেছ বেয়া। চল চাই আছিল হাৰামীয়ে। আজি পালে। আৰু এই মানুহবোৰে একো গমেই পোৱা নাই কাক মাৰিছে। আচল চোৰ কেতিয়াবাই পলাল। সকলোৱে মোকেই পালে। উস্ সাত আঙুলিৰ চৰটো...."
এনেতে ষ্টুডিঅ'ৰপৰা সুনন্দই চিঞৰিলে,"অঞ্জন, অঞ্জন...তেওঁ আগতে চাগে পাঁচ আঙুলিৰ চৰ খাই পাইছিল। তাৰ লগত আজি সাত আঙুলিৰ চৰৰ মাজত তেওঁ কিমান পাৰ্থক্য অনুভৱ কৰিছে?"
প্ৰশ্নটো শুনি পৰমা দোকানীয়ে যিকেইটা গালি পাৰিলে, ৰিপ'ৰ্টাৰ অঞ্জনে মাইক্ৰ'ফোন মিউট কৰিবলৈ বাধ্য হ'ল।
নিউজ এডিটৰ ডেকাই লগে লগে অঞ্জনলৈ ফোন কৰিলে,"সেই ৰমা নামৰ দোকানীজনক বিচৰা অনতিপলমে"।
কিছুদেৰি পিছত স্ক্ৰীনত দেখা গ'ল নিউজ ফ্লাছ "বিচিত্ৰ অসম: সাত আঙুলিৰ হাত - অপেক্ষা কৰক ন বজাৰ বাতৰিলৈ"! 

©দিগন্ত কুমাৰ ভট্টাচাৰ্য

ভাবী শহুৰৰ লগত এদিন

আমাৰ সহপাঠী এজনৰ কাহিনী, নাম তাৰ আনিশ। বাংগালোৰত থাকে। ছফ্টৱেৰ কোম্পেনী এটাত কাম কৰে। তাৰ চাকৰি কৰাৰ তিনিবছৰমান হোৱাত গুৱাহাটীৰ ঘৰৰপৰা পষেকে-মাহেকত দুই-তিনিখনকৈ ছোৱালীৰ ফ'টো পঠায়। বিয়াৰ বাবে। মাকহঁতে ক'লে- তাৰ কোনোবাজনীৰ ফ'টো চাই পচণ্ড হ'লে তেওঁলোকে ঘৰৰপৰা আগবাঢ়িব। তাৰো পচণ্ড নহয় হে নহয়। এদিন দেউতাকে ফোন কৰি ক'লে যে এজনী ছোৱালীৰ খবৰ পাইছে। ছোৱালীজনীৰ দেউতাকজন হেনো সেই সময়ত বাংগালোৰতে আছে আৰু তাক প্ৰথমতে লগ কৰিবলৈ বিচাৰে। তাৰ খং - সি কিয় ছোৱালীৰ দেউতাকক লগ কৰিবলৈ যাব। শেষত উপাই নাপাই সি মান্তি হ'ল।
সেইদিনা তাৰ বহুত কাম অ'ফিচত। ছোৱালীৰ দেউতাক তাৰ অ'ফিচলৈ আহিল। সি লগ কৰিলে। তাৰ তেতিয়া ভীষণ ভোক লাগিছিল। সি কাষতে থকা 'বিৰিয়ানি হাউচ'লৈ গ'ল ভাবী 'শহুৰ'ৰ লগত। ভিতৰত চিকেন-মটনৰ মলমলীয়া গোন্ধ!

'দুটা ফুল চিকেন বিৰিয়ানি' - সি অৰ্ডাৰ দিলে। ছোৱালীৰ দেউতাক অবাক। সিহঁত জৈন সম্প্ৰদায়ৰ। মাছ-মাংস কিয় পিয়াজো নাখায়।
'তুমি নন-ভেজ খোৱা?'
'মাজে মাজে খাওঁ। ৰুমত ভাত ৰান্ধিবলৈ বাইজনী আহিলে খাওঁ। তাই 'নন-ভেজ'হে ভাল ৰান্ধে।' আনিশ আচলতে খুব খাৰাংখাচ। কথাবোৰ লুক-ঢাক কৰি ভাল নাপায়।
'অ'কে, তাই মানে কেতিয়াবাহে আহে?'
'নাই, দেওবাৰেহে নাহে।'

ছোৱালীৰ দেউতাকে নিজৰ বাবে ভেজ বিৰিয়ানি অৰ্ডাৰ দিলে। আনিশে চিকেনৰ ঠেঙ এটুকুৰাত আপোনমনে দিলে একামোৰ।

'আৰু ..চিগাৰেট খোৱা চাগে ন? মাজে মাজে?
'হয় মাজে মাজেহে খোৱাৰ সময় পাওঁ। ব্ৰেক টাইমত...'।
'অ' ভাল ভাল...লান্স ব্ৰেকত চাগে ন?'
'নহয় মানে ৰাতিপুৱা আহিয়ে কাৰ্ডখন শ্বাইপ কৰি ব্ৰেক এটা লওঁ অ'ফিচৰ তলৰে চাহৰ দোকানখনত....তাৰ পিছত আহি ই-মেইলবোৰ চেক কৰি আকৌ এটা ব্ৰেক...ই-মেইলবোৰৰ ৰিপ্লাই কৰি আকৌ এটা....মাজে মাজে অ'ফিচৰ স্ম'কিং জ'নত মেচিনৰ কফি খাই দুই-এটা ব্ৰেক...লান্স....আবেলিৰ চাহ দুই-তিনিবাৰ....ৰাতি ৰুম যোৱাৰ আগত এবাৰ...আৰু ৰুম যোৱাৰ পিছততো ব্ৰেকেই ব্ৰেক...' আনিশে হাঁহিলে মিচিকিয়াই।

'হুমম.. ড্ৰিংকছ কৰা চাগে কেতিয়াবা?'
'অ' সেইবিধ কেতিয়াবাহে। মানে উইকএণ্ডত...'
'ভাল..অকল শনি আৰু দেওবাৰ?'
'আমি আকৌ শুক্ৰবাৰ সন্ধিয়াৰে পৰা উইকএণ্ড আৰম্ভ কৰি দিওঁ। কেতিয়াবা শুক্ৰবাৰ অহাৰ ফূৰ্ত্তিতে বৃহস্পতিবাৰ ৰাতিৰ পৰাই 'উইকএণ্ড চেলিব্ৰেচন' আৰম্ভ হৈ যায়।'
'তোমাক লগ পাই যে কিমান ভাল লাগিল!' - বুলি কৈ ছোৱালীৰ দেউতাক গ'লগৈ। আনিশে উগাৰ এটা মাৰি মহাসুখে চিগাৰেট এটা জ্বলালে।

সেইদিনা আছিল শুক্ৰবাৰ। ৰাতি তাৰ ৰুমত পাৰ্টি চলিল। পিছদিনা ৰাতিপুৱা সাতমান বজাত আনিশৰ মোবাইলটো বাজি উঠিল। বহুসময় বজাৰ পিছত সাৰ পালে সি।
ফোনটো উঠালে- 'হেল্লো...'
'আনিশ, দেউতাৰাৰ পৰা নাম্বাৰটো ল'লোঁ। অলপ কথা আছিল।'
'কোন অ' এই ৰাতিপুৱাই...' - টোপনি আৰু আগদিনাৰ নিচাত ক'লে সি।
'মই...মানে হেৰিৰ দেউতাক...' - ফোনৰ আনটো মূৰত ছোৱালীৰ দেউতাক।
'অ' কওঁকচোন'
'এতিয়ালৈ শুয়েই আছা নে? মাতটো শুনি শুই থকা যেন লাগিছে'।
'হে: হে: কালি সোনকালে মানে দুইবজাত শুবলৈ যোৱা বাবেহে ফোনটো উঠাব পাৰিলোঁ। এনেয়ে শনি বা দেওবাৰে আমি এইটো সময়ত শুবলৈ যাওঁহে.....'।

ছোৱালীৰ দেউতাক মানে তাৰ ভাবী শহুৰে লগে লগে ফোনটো কাটি দিলে।

(এইটো সম্পূৰ্ণ সত্য ঘটনা। আমাৰ আন এজন সহপাঠীয়ে আজি আনিশৰ এনেকুৱা কথা কিছুমান তাৰ ব্ল'গত লিখিছিল। মই অলপ বহলাই লিখিলোঁ ইয়াত) 

©দিগন্ত কুমাৰ ভট্টাচাৰ্য 

গাতাৰি অমাৱশ্যা


কালি অ'ফিচত লগৰ এজনে সুধিলে, 'আজি কিমান খাবি?? তহঁত ক'লকাতাৰ বেংগলীবোৰেতো খুউব 'নন-ভেজ' খাৱ..মছলী-ফিছ...'।
তাক আকৌ এবাৰ সোঁৱৰাই দিব লগা হ'ল -বেংগলী নহয়, অসমীয়া.. আৰু ক'লকাতা নহয়, অসম। সদায় ক'ব লাগে, পাহৰি যায়। সুধিলোঁ কালি কিয় বেছিকৈ খাম? সদায়তো খাওঁৱেই অলপ চলপ। তেতিয়া সি বুজাই ক'লে যে আজিৰপৰা শ্ৰাৱণ মানে শাওনৰ মাহ আৰম্ভ। এই শাওন মাহটো মহাৰাষ্ট্ৰৰ লোকসকলে অতি পৱিত্ৰ জ্ঞান কৰে। সম্পূৰ্ণ মাহটোত তেওঁলোকে আমিষ খাদ্য গ্ৰহণ নকৰে আৰু সুৰাপান নকৰে। গতিকে শাওন মাহৰ আগৰ অমাৱশ্যাৰ দিনা (আৰু তাৰ দুদিন আগৰপৰাই) তেওঁলোকে হেঁপাহ পলুৱাই (মানে ডিঙিলৈকে অহাকৈ) মাছ-মাংস খায়। যিসকলে সুৰাপান কৰে সেইসকলে সেইদিনা বটলে বটলে খায় (পি'য়ে)। সহজ ভাষাত ক'বলৈ গ'লে 'আউট' হোৱাৰ পিছতো খাই খাই জ্ঞান হেৰুৱাই নলা-নৰ্দমাত (gutter) পৰি ৰাতিটো হেনো তাতেই শুই থাকে আৰু সেই বাবেই এই অমাৱশ্যাৰ ৰাতিটোক তেওঁলোকে 'গাতাৰি অমাৱশ্যা' (gutter->gatari) নাম দিছে। বহু মদাপীয়ে এই অমাৱশ্যাৰ চান্সটো লৈ হেনো প্ৰায় এসপ্তাহ ধৰি খায়েই থাকে। যিমানে নিচা নালাগক বা য'ৰ ত'ৰ নলা-নৰ্দমাৰপৰাই উঠি নাহক কিয়, ঘৰতো হেনো কোনেও একো নকয়।
মহাৰাষ্ট্ৰত থকা মোৰ প্ৰায় নবছৰ হ'ল আৰু এই 'গাতাৰি অমাৱশ্যা'ৰ বিষয়ে আগতে শুনিছিলোঁ যদিও কালিহে সহকৰ্মীজনৰ মুখে ইয়াৰ আঁৰৰ বাখ্যাটি শুনিলোঁ। 
বিশ্বাস চাগে নকৰিব কিন্তু এইটো লিখি থকাৰ সময়তে দুজন সহকৰ্মীয়ে ফোন কৰি জনালে যে আজি সিহঁত অ'ফিচলৈ নাহে। খাই-বৈ ৰাতিপুৱাহে হেনো ঘৰত সোমাইছে, এতিয়া দিনটো শুব !